'স্মৃতিপটত হীৰুদা'ৰ দ্বিতীয় সংস্কৰণৰ উন্মোচন

'স্মৃতিপটত হীৰুদা'ৰ দ্বিতীয় সংস্কৰণৰ উন্মোচন

author-image
Asomiya Pratidin
New Update
'স্মৃতিপটত হীৰুদা'ৰ দ্বিতীয় সংস্কৰণৰ উন্মোচন

ডিজিটেল সংবাদ,গুৱাহাটী : শনিবাৰে গুৱাহাটীৰ পাণবজাৰত 'ৰেখা প্ৰকাশন'ৰ বিপনীত বিদ্যুৎ কুমাৰ ভূঞাৰ 'সুগন্ধি পখিলাৰ কবি' হীৰেন ভট্টাচাৰ্যৰ জীৱনৰ একান্ত ব্যক্তিগত আৰু কিছু ৰাজহুৱা জীৱনৰ বিভিন্ন ঘটনা তথা বিচিত্ৰ অভিজ্ঞতা সম্বলিত 'স্মৃতিপটত হীৰুদা'ৰ দ্বিতীয় সংস্কৰণটিৰ শুভ উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট সাহিত্য সমালোচক জ্যোতি খাটনিয়াৰে।

Advertisment

আজিৰ অনুষ্টুপীয়া অনুষ্ঠানত কিতাপখনৰ লেখক বিদ্যুৎ কুমাৰ ভূঞা আৰু প্ৰকাশক দেৱেন কলিতাৰ উপৰি কেইবাগৰাকীও অতিথি উপস্থিত থাকে। ইতিমধ্যে কিতাপখন বিভিন্ন গ্ৰন্থমেলাত 'ৰেখা প্ৰকাশন'ৰ বিপনীৰ উপৰি আন আন বিভিন্ন বিপনীতো উপলব্ধ বুলি জানিবলৈ দিয়ে।

Also Read: আজিৰে পৰা খানাপাৰাত 'অষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা'

assam book fair book Hiren Bhattacharya Hiruda Rekha Publication