/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/de3adce2-b17e-4629-ae57-dd7f3904bdbe/425.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : উদুলি-মুদুলি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ। শনিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে 'অষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা - ২০২৩।'
“কৃষকৰ আয় বৃদ্ধিৰে স্ব-নির্ভৰশীল পথত আৰু এখোজ” এই নীতিকেই সাৰোগত কৰি অনুষ্ঠিত হোৱা অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। ৰাজ্যৰ কৃষি খণ্ডৰ বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে তেওঁ দোহাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fa85a99d-d867-4ec3-a01c-3fcb38e066d5/410230832_935222224634145_8999975407887521217_n.jpg)
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিগত বৰ্ষত ৰাজ্যৰ ৬২ হাজাৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত প্ৰায় ১২ শ কোটি টকা বিনিয়োগেৰে ৬ লাখ মেট্রিক টন ধান ক্ৰয় কৰি কৃষকসকলক অৰ্থনীতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ কথা উল্লেখ কৰে।ইয়াৰোপৰি কৃষি উদ্যান শস্য খণ্ডত ক'লা চাউল, ৰঙা চাউল, নেমু, তেজপুৰৰ লিচু, কাৰ্বি আংলঙৰ আদা ইত্যাদিয়ে বিশ্বদৰবাৰত অসমৰ মান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/99269db0-e1f0-4e5e-8194-70655113ef0e/ece91f07_f48b_44b4_a9c0_9d1fa5adf131.jpg)
অনুষ্ঠানতে গোৱালপাৰাস্থিত এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ দৰঙগিৰি আৰু নতুনকৈ নিৰ্মাণ হ'বলগীয়া অসম বীজ নিগম কাৰ্যালয় গৃহৰ ভাৰচুৱেলি শিলান্যাস কৰে মুখ্যমন্ত্রী ড০ শৰ্মাই। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, জয়ন্তমল্ল বৰুৱা, সঞ্জয় কিষান, সাংসদ কুইন ওজা, অতিৰিক্ত মুখ্য সচিব, কৃষি উৎপাদন আয়ুক্ত আশিস কুমাৰ ভূটানী, আৰু সংশ্লিষ্ট বিষয়ববীয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/17d516aa-ee63-4456-9839-0a38f0d84653/88d9020a_2c16_49ff_8b9a_4ac4d4052849.jpg)
চেৰবিয়া, চিচেলচ, মংগোলিয়াৰ ৰাষ্ট্ৰদূত, মালয়েছিয়াৰ উচ্চ আয়ুক্ত, থাইলেণ্ড, ইণ্ডোনেছিয়া, ভূটান, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া, ইৰানৰ কাউঞ্চিলৰ অংশগ্রহণে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানতে কৃষি খণ্ডত- কাছাৰৰ ছানালেম্বী দেৱী, দৰং ছিপাঝাৰৰ গোবিন্দ ডেকা, উদ্যান শস্য বিভাগত- চিৰাংৰ আকবৰ আলী আহমেদ, নলবাৰীৰ তপন দত্ত বৰুৱা, পশুপালন শিতানত- শোনিতপুৰৰ গনশ্যাম নাথ, নলবাৰীৰ নিভা দাস, মীন বিভাগত- নলবাৰীৰ উপাসনা দাস, বাক্সাৰ বন্দন নাৰ্জাৰী, ৰেচম বিভাগত- যোৰহাটৰ পল্লৱী গগৈ বৰুৱা, বিশ্বনাথৰ পুলিমাই কুটুম আৰু মৰিগাঁৱৰ আমলিঘাট বানান প্ৰডিউচাৰ কোম্পানীলৈ ২০২৩ বৰ্ষৰ ৰাজ্যিক প্ৰগতিশীল কৃষকৰ সন্মান আগবঢ়োৱা হয়।
ৰাজ্যৰ কৃষিখণ্ডৰ বাবে এক বৃহৎ মঞ্চ হিচাপে পৰিগণিত হোৱা মেলাখনে সামৰি লৈছে বিভিন্ন ৰাষ্ট্ৰৰ লগতে সংশ্লিষ্ট সংস্থাসমূহৰ কৃষি-উদ্যান শস্যৰ প্ৰযুক্তি বিষয়ক প্রদর্শনী, নীতি-নিৰ্দ্ধাৰণ আৰু কাৰিকৰী বিষয় সম্পৰ্কীয় আলোচনা চক্র, কৃষি-উদ্যান শস্যৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা,প্ৰগতিশীল কৃষকলৈ বঁটা প্ৰদানৰ লগতে ক্রেতা-বিক্রেতাসকলৰ সন্মিলন আৰু সাংস্কৃতিক কাৰ্যসূচী। মেলাখনৰ উদ্বোধনী দিনাই উত্তৰ পূবকে ধৰি বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ সমাহাৰ ঘটে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/cc8e60c7-5c73-4a9c-bf47-d6caa7896ac2/e70894d3_d555_4f6c_ba3e_299680819f8c.jpg)
নাৰ্চাৰীৰ শিতানত দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰো প্ৰায় ৫০ খনকৈ নাৰ্ছাৰীয়ে অংশগ্ৰহণ কৰে । দেশী বিদেশী ফল-ফুল, বিভিন্ন ধৰণৰ ইনডোৰ প্লেণ্টছৰ উপৰিও ঔষধি গছৰ পুলি উপলব্ধ বিপনীসমূহে প্ৰথম দিনাই কেইবা লক্ষাধিক টকা উপার্জন কৰাৰ লগতে পৰ্যটকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।
অসমৰ বিভিন্ন জিলা আৰু চৰকাৰী সংস্থাৰ ৮০ খন বিপণীতো ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। সমান্তৰালকৈ বিভিন্ন বিপণীৰ প্ৰদৰ্শনীত কৃষি আৰু আনুষংগিক যন্ত্ৰপাতিৰ সমাহাৰ ঘটে।
অনুষ্ঠানৰ অংশস্বৰূপে বিভিন্ন জিলাৰ কৃষক আৰু কৃষক উৎপাদক কোম্পানীৰ সদস্যসকলৰ অংশগ্রহণেৰে দুখনকৈ কাৰিকৰী বিষয়ত আলোচনাচক্র অনুষ্ঠিত হয় । ইয়াৰোপৰি কৃষি-উদ্যান শস্য মেলাৰ 'অসম পেভিলিয়ন'ত অসমৰ বিভিন্ন জিলাৰ কৃষি বিভাগে কৃষকৰ দ্বাৰা উৎপাদিত উৎকৃষ্ট সামগ্ৰী প্ৰদৰ্শন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a38ead87-7428-473c-8406-bc64da679726/410942380_935222181300816_5669808788060635785_n.jpg)
আনহাতে প্ৰতিযোগিতা শিতানত বিভিন্ন জিলা আৰু কৃষকসকলৰ প্ৰায় ৪০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ১১ টা শিতানত অনুষ্ঠিত প্ৰতিযোগিতাখনত এনঠুৰিয়াম, ইউফৰবিয়া, কাৰ্নেচন, বগেনভেলিয়া, হায়ে কিউপি, আদা, জালুক ইত্যাদি আৰু বিভিন্ন প্ৰকাৰৰ ঔষধি গছ প্ৰদৰ্শিত কৰা হয়।
Also Read: সুখ সুখ বুলি মানুহ বলিয়া...