Advertisment

৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা...

৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা...

author-image
Asomiya Pratidin
New Update
৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা...

৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা...

ডিজিটেল ডেস্কঃ অহা ৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত অনুষ্ঠিত হ'ব পশুধন আৰু হাঁহ-কুকুৰা মেলা। খানাপাৰাৰ ফার্ম গে'ট খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া এই মেলাত পশুপালন আৰু দুগ্ধ খণ্ডৰ শেহতীয়া প্রযুক্তি, পশুধন আৰু বাণিজ্যিক পক্ষীৰ বিভিন্ন প্রজাতি, পশুপালকলৈ পশুপালন সম্পর্কীয় বিনামূলীয়া প্রশিক্ষণ, বিত্তীয় প্রতিষ্ঠানৰ উচ্চপদস্থ বিষয়াৰ সৈতে পশুপালকৰ মত বিনিময় আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব।

Advertisment

লগতে, ৰাজ্যৰ শ্রেষ্ঠ পশুপালকলৈ ১ লাখ টকাৰ পুৰস্কাৰ, শ্রেষ্ঠ গো, ম'হ, ছাগলী, গাহৰি আৰু বাণিজ্যিক পক্ষীপালকলৈ পুৰস্কাৰ আগবঢ়োৱা হ'ব। মেলা উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতা, কণী যুঁজ আৰু কণী খোৱা প্রতিযোগিতাৰ লগতে কুকুৰ, মেকুৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। প্রতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে মেলাৰসামৰণি পৰিব।

Also Read: নতুন পৰিবহন আইনৰ জৰিয়তে চালকক টেঁটু চেঁপা কেন্দ্ৰীয় চৰকাৰৰঃ চালক বৃত্তি ত্যাগেৰে প্ৰতিবাদ...

পশু পালন বিভাগ খানাপাৰা