নতুন পৰিবহন আইনৰ জৰিয়তে চালকক টেঁটু চেঁপা কেন্দ্ৰীয় চৰকাৰৰঃ চালক বৃত্তি ত্যাগেৰে প্ৰতিবাদ...
নতুন পৰিবহন আইনৰ জৰিয়তে চালকক টেঁটু চেঁপা কেন্দ্ৰীয় চৰকাৰৰঃ চালক বৃত্তি ত্যাগেৰে প্ৰতিবাদ...

নতুন পৰিবহন আইনৰ জৰিয়তে চালকক টেঁটু চেঁপা কেন্দ্ৰীয় চৰকাৰৰঃ চালক বৃত্তি ত্যাগেৰে প্ৰতিবাদ...

ডিজিটেল সংবাদ ঢকুৱাখনাঃ কেন্দ্ৰীয় চৰকাৰৰ এক হঠকাৰী পৰিবহন আইনৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে শ্ৰমজীৱী খাতিখোৱা যান বাহন চালক সমাজ। শেহতীয়াভাবে কোনো লোকে পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল'লে যিখন গাড়ীৰ চালকৰ জৰিয়তে উক্ত নিৰ্মম ঘটনা সংঘটিত হ'ব সেইগৰাকী চালকৰ নূন্যতম ১০ বছৰ জেইল আৰু ১০ লাখ টকাৰ জৰিমনাৰে দণ্ডিত কৰাৰ এক ক'লা আইনৰ প্ৰৱৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰবৰ্তিত এই জনবিৰোধী নতুন পৰিবহণ আইন বাতিল কৰাৰ দাবীত মঙলবাৰে উত্তাল হৈ পৰে বাণিজ্যিক চহৰ গোগামুখ। বৃহত্তৰ গোগামুখৰ সোৱণশিৰী বেচৰকাৰী বাহন চালক সন্থাৰ উদ্যোগত মঙলবাৰে দুপৰীয়া শ শ চালকে এই চালক বিৰোধী ক'লা আইন তাৎক্ষণিক ভাবে বাতিলৰ দাবী জনাই ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰে।

দিনক ৰাতি, ৰাতিক দিন কৰি নিৰন্তৰ শ্ৰম আৰু কষ্টেৰে জীৱন জীৱিকা চলাই অহা এইসকল কষ্টসহিষ্ণু বাহন চালকৰ টেঁটু চেঁপা দি প্ৰৱৰ্তন কৰা ভয়ংকৰ পৰিবহন আইনৰ সবল বিৰোধিতা কৰি শ শ চালকে নিজ নিজ বাহনৰ চাবি, নথিপত্ৰসমূহ মঙলবাৰে বাহনৰ মালিকসকলক জমা দি চালক বৃত্তি পৰিত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ক্ষুব্ধ চালকসকলে বাহনৰ স্বত্বাধিকাৰীসকলৰ ঘৰৰ পৰা টালি-টোপোলা বান্ধি স্বগৃহ অভিমুখে উভতি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে সমজুৱা ভাবে। কেন্দ্ৰীয় চৰকাৰৰ অবিবেচকী নীতিৰ বলি হৈ ধনে জনে সৰ্বশ্ৰান্ত হ'বলৈ কোনো খাটি খোৱা চালকৰ আগ্ৰহ নাই বুলি স্পষ্টভাৱে মত ব্যক্ত কৰি ক্ষুব্ধ চালকসকলে উক্ত বিতৰ্কিত আৰু চালক বিৰোধী আইন বাতিল নকৰা পৰ্যন্ত অৰ্নিদিষ্ট কাললৈ বাহন নচলোৱাৰ হুংকাৰ প্ৰদান কৰে।

যাত্ৰীবাহী বাহনেই হওক কিম্বা মালবাহী বাহনেই হওক এইসকল বেচৰকাৰী বাণিজ্যিক বাহনৰ চালকে পৰিবহন ক্ষেত্ৰখনলৈ মেটমৰা অৱদান আগবঢ়াই আহিছে যুগ যুগান্তৰ ধৰি। এনে ক্ষেত্ৰত অত্যন্ত অনিচ্ছাকৃত, অনাকাঙ্খিত আৰু অপপক্ষৰ ভুলৰ বাবে সংঘটিত পথ দুৰ্ঘটনাৰ কৰাল গ্ৰাসৰ মূল জগৰীয়া কৰিবলৈ চালকসকলক লক্ষ্য কৰি লোৱা অবিবেচকী আইনৰ বিৰোধিতা কৰি চালকসকলে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

শ্ৰমজীৱী চালকসকলৰ দাবী "যদি আমাৰ হাতত চৰকাৰক জৰিমনা দিবলৈ ১০ লাখ টকা মজুত থাকিলহেতেন তেন্তে আমি ১০-১২ হাজাৰ টকাত দিন ৰাতি একাকাৰ কৰি, নিজৰ ঘৰ বাৰী এৰি গাড়ী চালক নকৰি নিজস্ব ব্যৱসায় কৰি ঘৰতে জীৱন নিৰ্বাহ কৰিব পাৰিলোহেতেন। এয়া চালক সকলৰ ওপৰত চৰকাৰী নিৰ্যাতন। এই বিতৰ্কিত আইন মানি লোৱা নহ'ব। প্ৰয়োজন হ'লে চালকৰ বৃত্তি ত্যাগ কৰি খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিবলৈ আজিৰ পৰা আমি সাজু ।"

প্ৰতিবাদকাৰী চালকসকলে প্ৰথম পৰ্য্যায়ত বাহনৰ স্বত্বাধিকাৰীসকলক গাড়ী, চাবি নথিপত্ৰ আদি গতাই দিয়াৰ পৰৱৰ্তী সময়ত বাণিজ্যিক বাহন চালকৰ অনুজ্ঞাপত্ৰ (ডি এল) সমূহ একেলগে পৰিবহন বিভাগক উভতাই দিয়া হ'ব বুলি স্পষ্টকৈ জানিবলৈ দিয়ে। স্মৰ্তব্য যে, চালক বিৰোধী বিতৰ্কিত পৰিবহন আইনখন বাতিল নকৰা পৰ্যন্ত অৰ্নিদিষ্ট কাললৈ চালকসকলে বাহন নচলোৱাৰ বাবে প্ৰদান কৰা হুংকাৰৰ ফলত এতিয়া বাহনৰ গৰাকীসকল বিমূৰত পৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে বাণিজ্যিক ক্ষেত্ৰখনত এই ঐক্যবদ্ধ প্ৰতিবাদে প্ৰচণ্ড নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

নতুন পৰিবহন আইনৰ জৰিয়তে চালকক টেঁটু চেঁপা কেন্দ্ৰীয় চৰকাৰৰঃ চালক বৃত্তি ত্যাগেৰে প্ৰতিবাদ...
অসমলৈ আহি আছে ৰাহুল গান্ধীঃ ১৪ টা লোকসভা সমষ্টিতেই 'ভাৰত ন্যায় যাত্ৰা' !
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in