নিৰঞ্জন-ৰীতাৰ প্ৰেমেই ল'লে কালৰূপ

নিৰঞ্জন-ৰীতাৰ প্ৰেমেই ল'লে কালৰূপ

ডিজিটেল ডেস্ক : মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। দেওবাৰে নিশা বৰাগাঁৱৰ গাৰোঘুলিত সংঘটিত এই জঘণ্য কাণ্ডই জোকাৰি গৈছে সমগ্ৰ মহানগৰী। পৰকীয়া প্ৰেমৰ পৰিণতিত মহিলাক হত্যা কৰি আত্মহত্যা এজনৰ। ৰীতা দাস নামৰ মহিলাগৰাকীক নিৰঞ্জন গোহাঁই নামৰ লোকজনে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰামতে প্ৰথমে ৰীতা দাসৰ ঘৰত থকা পোহনীয়া কুকুৰটোক পাষাণ নিৰঞ্জনে মৰিয়াই হত্যা কৰে। তাৰ পিছতে কেউগৰাকী সদস্যক লোহা আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে।

নিৰঞ্জন গোহাঁই নামৰ লোকজনে মহিলাগৰাকীৰ স্বামীসহ দুই সন্তানক আক্ৰমণ কৰে। ফলত গুৰুতৰভাৱে আহত হয় স্বামীসহ সন্তান। এই ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত নিৰঞ্জনে আত্মহত্যা কৰে।

উল্লেখ্য যে, দীৰ্ঘ কাল ধৰি ৰীতা দাসৰে নিৰঞ্জনৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে। ১৩ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ৰীতা দাস। পিছত নিৰঞ্জনৰ সৈতে তেওঁৰ অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।

প্ৰায় ৩ বছৰ পূৰ্বে ৰীতা নিৰঞ্জনৰ সৈতে পলাই গৈছিল। ইয়াৰ পিছত পুনৰ স্বামী-সন্তানৰ কাষলৈ উভতি আহিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে আঘাতপ্ৰাপ্ত স্বামী সন্তানক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে।

নিৰঞ্জন-ৰীতাৰ প্ৰেমেই ল'লে কালৰূপ
চাহ বাগিছাৰ কলঘৰত পুনৰ অঘটন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in