/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4850204d-ceeb-455e-9ec1-010027ca97a0/AP_FOR_WEB_child.jpg)
চাপৰত একে গাঁৱৰে ৩ শিশু নিৰুদ্দেশঃ সম্ভেদ পালে জনাওক পৰিয়ালক...
ডিজিটেল সংবাদ চাপৰঃ একেখন গাঁৱৰে তিনিটাকৈ শিশু নিৰুদ্দেশ হোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে চাপৰত। চাপৰৰ ছাগলখুঁটিৰ পৰা নিৰুদ্দেশ হোৱা এই তিনিওটা শিশু আদিবাসী সম্প্ৰদায়ৰ ।
নিৰুদ্দশে হোৱা শিশিু তিনিটাৰ নাম ক্ৰমে মনোজ মিন্স, সঞ্জীৱ কৰ্মকাৰ আৰু অভিমান্য তাঁতী। বৃহস্পতিবাৰৰ পুৱাৰে পৰা তিনিওটা শিশু নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি পৰিয়ালৰ মাজত হাহাকৰ সৃষ্টি হৈছে। সমান্তৰালকৈ অঞ্চলটোত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।
তিনিওটা শিশুৰে অভিভাৱক আৰু আত্মীয়ই ইতিমধ্যে বিভিন্ন স্থানত সন্ধান কৰিছে যদিও তেওঁলোকৰ কোনো সম্ভেদ পোৱা নাই। জানিব পৰা মতে পৰিয়ালৰ লোকসকলে শিশু কেইটাৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে।
তাৰ মাজতে পৰিয়ালৰ লোকে তিনিওটা শিশুৰে সম্ভেদ পালে পৰিয়ালৰ লোকক অৱগত কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে তেওঁলোকে 9678795887, 9957157069 ফোন নম্বৰ ৰাজহুৱা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/552e9698-a311-40aa-a2d1-aeaaa35a9586/964aad4e_3839_48e2_afa9_ddb60c1f9f92.jpg)
Also Read: অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি ! গৃহমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক আহ্বান...