নাগৰিকত্ব সংশোধনী আইন (কা)-বিৰোধী সমন্বয় সমিতিৰ বৈঠক

নাগৰিকত্ব সংশোধনী আইন (কা)-বিৰোধী সমন্বয় সমিতিৰ বৈঠক

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন (কা)-বিৰোধী সমন্বয় সমিতি, অসমৰ এখন বৈঠক যোৱা ৪ মাৰ্চত অধ্যাপক আব্দুল মান্নানৰ সভাপতিত্বত ৰাজগড়ৰ চিপিআইৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতে প্ৰাক্তন মন্ত্ৰী তথা সমাজবাদী নেতা ৰমনী বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আৰু শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

সভাখনত বৰ্তমান পৰিস্থিতিত বিশেষকৈ 'কা' বলবৎ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে কৰা ঘোষণাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত বিস্তৰ আলোচনা কৰে। সভাই বিৰোধী ৰাজনৈতিক দলে 'কা' আইন বলবৎ কৰাৰ পিছদিনাখন 'অসম বন্ধ' পালনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায় আৰু বন্ধ সফল কৰাৰ বাবে অসমৰ সকলো দল, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাইজলৈ আহ্বান জনায়।

সভাই গভীৰ উদ্বেগ সহকাৰে লক্ষ্য কৰে যে শেহতীয়াকৈ গুৱাহাটীকে ধৰি সমগ্ৰ অসমক আৰক্ষীৰ বেৰিকেড ৰাজ্যত পৰিণত কৰি কা-বিৰোধী জনমত তথা শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰতিবাদ আন্দোলন দমন আৰু মষিমূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাইছে। 'কা'-বিৰোধী আন্দোলন দমন কৰাৰ কাৰণে চৰকাৰে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে পুলিচ ৰাজ প্ৰতিষ্ঠা কৰি 'কা' আইন বিৰোধিতা কৰা বিভিন্ন সংগঠনৰ কৰ্মী তথা ব্যক্তিৰ ওপৰত ভয়-ভাবুকিৰে ৰাইজৰ মাজত ত্ৰাস আৰু আতংকৰ পৰিৱেশ ৰচনা কৰাত সভাই চৰকাৰৰ এনে গণতন্ত্ৰ বিৰোধী- স্বৈৰাচাৰী পদক্ষেপক কঠোৰ ভাষাৰে নিন্দা কৰে।

তদুপৰি সভাই বিজেপি চৰকাৰে 'কা' বলৱৎ কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু ডিঙিত অসমীয়া গামোছা মেৰিয়াই থকা প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম আৰু অসমীয়াৰ লগতে ৰাজ্যৰ থলুৱা জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্বক ভাবুকিৰ মুখলৈ ঠেলি দিয়া বুলি সুচিন্তিত মত প্ৰকাশ কৰে।

'কা' বলৱতৰ মাজেৰে যিখন ৰাজ্যত অসমীয়া আৰু অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ আর্থ-সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰবোৰ বিপন্ন হ'বলৈ গৈ আছে, সেইখন ৰাজ্যত তথাকথিত উন্নয়ন পেকেজৰ ঘোষণাবোৰ অৰ্থহীন বুলি কা-বিৰোধী সমন্বয় সমিতিৰ সভাই মন্তব্য কৰে। এই পৰিপ্ৰেক্ষিততে অহা ৮ মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ দিনা সমগ্ৰ অসমবাসীক 'কা' বাতিলৰ দাবীত ক'লা বেজ পৰিধান, ক'লা পতাকা প্ৰদৰ্শন ইত্যাদিৰে 'ক'লা দিৱস' পালন কৰিবলৈ আহ্বান জনায়। লগতে সামাজিক মাধ্যমৰ জৰিয়তেও 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সভাই আহ্বান জনায়।

নাগৰিকত্ব সংশোধনী আইন (কা)-বিৰোধী সমন্বয় সমিতিৰ বৈঠক
বাক্সা পলিটেকনিকত অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in