বাক্সা পলিটেকনিকত অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি

বাক্সা পলিটেকনিকত অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰত থকা বাক্সা পলিটেকনিক প্ৰতিষ্ঠানত কৰ্মৰত ২৪ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিগত ওঠৰ মাহে দৰমহা নোপোৱাৰ বাবে ১ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি পালন কৰিছে । সদৌ অসম নৱ নিৰ্মিত ১১ খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত গ্ৰহণ কৰা এই অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি কাৰ্যসূচীত কৰ্মচাৰীসকলে আমাৰ ১৮ মাহৰ দৰমহা আদায় দিয়ক, মাহিলী দৰমহা নিয়মীয়াকৰণ আৰু বৃদ্ধি কৰক, আমাৰ পদসমূহৰ স্থায়ী সমাধান কৰক ইত্যাদি শ্লোগানেৰে বাক্সা পলিটেকনিক প্ৰতিষ্ঠান চৌহদ উত্তাল কৰি তোলে ।

তেওঁলোকে কয় যে বিগত ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ অনাদায় হৈ থকা দৰমহা আদায় দিয়াৰ বাবে ন্যায়ালয়ে নিৰ্দেশ দিয়া স্বত্বেও বিভাগীয় কৰ্তৃপক্ষই দৰমহা আদায় দিয়া নাই। যদি অতি সোনকালে তেওঁলোকৰ দাবী মানি নলয় তেন্তে আগন্তুক দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলে ।

আনহাতে প্ৰতিষ্ঠানখনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলেও চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কৰ্মবিৰতি পালনত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে । ইফালে মঙ্গলবাৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ এটা সজাতী দলে বাক্সা পলিটেকনিক প্ৰতিষ্ঠানত উপস্থিত হৈ কৰ্মচাৰীসকলৰ অৱস্থাৰ বুজ লয় আৰু অনতি পলমে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । অন্যথা মুখ্যমন্ত্ৰীয়ে গাদী এৰি দিয়ক বুলিও মন্তব্য কৰে ।

বাক্সা পলিটেকনিকত অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি
অসমত উপস্থিত ৩ জনীয়া নিৰ্বাচন আয়োগৰ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in