'দ্যা আছাম ট্ৰিবিউন'ৰ মোবাইল এপ মুকলি...

মন্ত্ৰী পীযুষ হাজৰিকাৰ শুভেচ্ছা
'দ্যা আছাম ট্ৰিবিউন'ৰ মোবাইল এপ মুকলি...
'দ্যা আছাম ট্ৰিবিউন'ৰ মোবাইল এপ মুকলি...

ডিজিটেল সংবাদ গুৱাহাটীঃ শেহতীয়াকৈ ৰাজ্যৰ অগ্ৰণী সংবাদগোষ্ঠী 'দ্য আছাম ট্ৰিবিউন'-এ মুকলি কৰিলে এটা মোবাইল এপ। গুৱাহাটীৰ নেডফি ভৱনত Android আৰু IOS ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা এই মোবাইল এপ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে চৰকাৰী বিষয়া, ক'ৰ্পৰেট বিষয়া, সংবাদ মাধ্যমকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি।

'দ্য আছাম ট্ৰিবিউন'ৰ এই পদক্ষেপৰ প্ৰতি শুভেচ্ছা জনাইছে ৰাজ্যৰ জনসংযোগ, জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। এক শুভেচ্ছা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে, ''এতিয়া 'দ্য আছাম ট্ৰিবিউন' আন এক নতুন যুগলৈ আগবাঢ়িছে। কেইবা দশক পুৰণি ইতিহাসৰে সমৃদ্ধ 'দ্য আছাম ট্ৰিবিউনে' ডিজিটেল যুগৰ সৈতে তাল মিলাবলৈ এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কাকতখনক ই-পেপাৰ ফৰ্মেটত আগবঢ়োৱাৰ উপৰি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ইয়াক উপলব্ধ কৰাইছে। এই পৰিৱৰ্তন আধুনিক যুগত বাতৰি কাকতক অধিক পঢ়ুৱৈৰ কাষলৈ লৈ যোৱাৰ এক প্ৰমাণ। এই যাত্ৰাৰ শেহতীয়া মাইলৰ খুঁটি 'দ্য আছাম ট্ৰিবিউন'ৰ দ্বাৰা মুকলি কৰা মোবাইল এপ।'' ইয়াৰোপৰি শুভেচ্ছা বাৰ্তাটোত মন্ত্ৰীগৰাকীয়ে 'দ্য আছাম ট্ৰিবিউন'ৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ কথাও উল্লেখ কৰে।

উল্লেখ্য যে, ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, আছাম ট্ৰিবিউন প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱা, সঞ্চালক ববিতা ৰাজখোৱা,আসাম ট্ৰিবিউন ডিজিটেল প্ৰাইভেট লিমিটেডৰ সঞ্চালক ডিৱিজা ৰাজখোৱাৰ উপস্থিতিত 'আছাম ট্ৰিবিউন' ডিজিটেল প্ৰাইভেট লিমিটেডৰ সঞ্চালক আৰু ৰীডহোৱেৰৰ প্ৰডাক্ট এণ্ড মাৰ্কেটিং হেড হেমেন্দ্ৰ সিং তমাৰে এই এপটো মুকলি কৰে।

গুগল নিউজ ইনিচিয়েটিভৰ অধীনত আছাম ট্ৰিবিউন এপে ব্যৱহাৰকাৰীক উন্নত মানৰ সেৱা আগবঢ়াব। এপটোৰ বিকাশত গুগল আৰু ৰিডহোৱেৰে (Readwhere) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই অনুষ্ঠানত উপস্থিত থাকে গুগল ইণ্ডিয়া আৰু ৰিডহোৱেৰৰ প্ৰতিনিধিও। লগতে অনুষ্ঠান পৰিৱেশন কৰে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই।

'দ্যা আছাম ট্ৰিবিউন'ৰ মোবাইল এপ মুকলি...
অভিভাৱকৰ দায়িত্বহীনতাৰ পৰিণতিঃ নৱম শ্ৰেণীৰ ছাত্ৰৰ বাইক দুৰ্ঘটনাত মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in