অভিভাৱকৰ দায়িত্বহীনতাৰ পৰিণতিঃ নৱম শ্ৰেণীৰ ছাত্ৰৰ বাইক দুৰ্ঘটনাত মৃত্যু

ই-ৰিক্সাৰে সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
অভিভাৱকৰ দায়িত্বহীনতাৰ পৰিণতিঃ নৱম শ্ৰেণীৰ ছাত্ৰৰ বাইক দুৰ্ঘটনাত মৃত্যু

অভিভাৱকৰ দায়িত্বহীনতাৰ পৰিণতিঃ নৱম শ্ৰেণীৰ ছাত্ৰৰ বাইক দুৰ্ঘটনাত মৃত্যু

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ ভেবাৰঘাটত সোমবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰই বাইক লৈ ওলাই অহাৰ পাছতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।

Advertisment

উল্লেখ্য যে, সোমবাৰে ভেবাৰঘাট ইছলামপুৰ ৰোডৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ৰ ওচৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা। নৱম শ্ৰেণীৰ ছাত্ৰ ৰাজদ্বীপ দাসে এখন বাইক লৈ ঘৰৰ পৰা ওলাই আহিছিল।

ইয়াৰ পাছতে এখন ই-ৰিক্সাৰ সৈতে সংঘৰ্ষ হোৱাত দুৰ্ঘটনাটো সংঘটিত হয়। ইয়াৰ পিছতে বাইক চালকৰূপী ৰাজদ্বীপৰ মৃত্যু হয়।

মৃত ৰাজদ্বীপ ওদালগুৰিৰ হৰিদেৱ দাসৰ পুত্ৰ। তেওঁলোকে কৰ্মসূত্ৰে থাকে মঙলদৈৰ গাওঁবুঢ়া পাৰাত।

Also Read: সকলোকে উদাস কৰি গ'লগৈ 'গজল সম্ৰাট' পংকজ উধাস...

পথ দুৰ্ঘটনা মঙ্গলদৈ