হিমন্ত-আজমলক কঠোৰ সমালোচনাঃ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ

হিমন্ত-আজমলক কঠোৰ সমালোচনাঃ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
হিমন্ত-আজমলক কঠোৰ সমালোচনাঃ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ

ডিজিটেল ডেস্কঃ অসমৰ শেহতীয়া ৰাজনৈতিক ক্ষেত্ৰখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু এ.আই.ইউ.ডি.এফৰ নেতা মৌলানা বদৰুদ্দিন আজমলে 'অসমীয়া-মিঞা' প্রসঙ্গ উত্থাপন কৰি দিয়া বক্তব্যক অতি দুর্ভাগ্যজনক আৰু প্ৰৰোচনামূলক বুলি অভিহিত কৰি দুয়োগৰাকীৰে বক্তব্যক অসম চিভিল ছাচাইটিয়ে তীব্ৰ বিৰোধীতা কৰিছে। এই ক্ষেত্ৰত প্রতিপক্ষৰ ভূমিকাত অৱতীৰ্ণ হৈ মৌলানা বদৰুদ্দিন আজমলে বিপৰীত দৃষ্টিকোণৰ পৰা গোঢ়া ধৰ্মীয় বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীক সুবিধা প্ৰদান কৰি আহিছে বুলি সংগঠনটোৱে মন্তব্য কৰে। এই ক্ষেত্ৰত দুয়োগৰাকী ৰাজনীতিকৰ উগ্ৰ ধৰ্মান্ধতা আৰু ঠেক সাম্প্রদায়িক মনোবৃত্তিৰে চালিত স্বার্থান্ধ অভিসন্ধি বুলি অভিহিত কৰি দুয়োগৰাকীৰে বক্তব্যক গৰিহণাৰ যোগ্য বুলি অভিহিত কৰে।

Advertisment

দেশৰ সাংবিধানিক উচ্চ-পদস্থ মুখ্যমন্ত্ৰীৰ ৰাজহুৱা বক্তব্যই সমাজত ঘৃণা, বিদ্বেষ, মনোমালিন্য তথা শত্রুতা বিয়পাই দুটা বা ততোধিক জনগোষ্ঠীৰ মাজত বিভাজন আৰু দ্বন্দ সৃষ্টি কৰাৰ ষড়যন্ত্ৰক অসম চিভিল ছচাইটিয়ে নিন্দা কৰি আইনবিৰোধী বুলি অভিহিত কৰে। অসমৰ মুখমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৩ জুলাই, ২০২৩ তাৰিখে প্ৰকাশ কৰা 'অসমীয়া-মিঞা'ৰ সম্পৰ্ক আৰু ৰাজ্যখনত বৃদ্ধি পোৱা শাক-পাচলিৰ মূল্যবৃদ্ধি প্রসঙ্গ টানি অতি নিম্ন মানসিকতা আৰু সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা বক্তব্য ৰাখি দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ লগাই ৰাজ্যখনত শাস্তি ভঙ্গ কৰাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে সংগঠনটোৱে। এই ক্ষেত্ৰত ভাৰতীয় ছন্দবিধি আইনৰ ১৫৩-এ ধাৰা ভঙ্গ কৰিছে বুলিও এক প্ৰেছ বিবৃতিত যোগে মত প্ৰকাশ কৰে। সেয়েহে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্রশাসনে গোচৰ ৰুজু কৰিব লাগে অন্যথা আদালতক অবমাননা কৰা হ'ব বুলিও বিবৃতিত উল্লেখ কৰে।

লগতে সংগঠনটোৱে বিবৃতিত কয় যে, "এখন সভ্য আধুনিক, সংস্কৃত আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে সুবিধা পালেই অসমৰ অন্যতম জনগোষ্ঠী পূর্ববঙ্গীয় মূলৰ মুছলমান সম্প্রদায়ক উদ্দেশ্যি ঘৃণা আৰু বিভাজনমুখী বক্তব্য আগবঢ়াই অপমান কৰি আহিছে। যি কথাত আমি বিক্ষোব্ধ আৰু ক্ষুণ্ণ হৈছো। সাম্প্রতিক উদ্দেশ্য প্রণোদিত 'মিঞা' বাদানুবাদক আশৈ নিদি ধৈর্য্য় প্রদর্শণ কৰি প্রতিক্রিয়াশীল, বিভেদকামী জনস্বাৰ্থ বিৰোধী শক্তিৰ ষড়যন্ত্ৰক মষিমূৰ কৰি ৰাজ্যখনত শান্তি-সম্প্ৰীতি বাহাল ৰাখিবলৈ আমি আপামৰ জনসাধাৰণক আহ্বান জনালো।"

Also Read: মহানগৰীত বিভিন্ন বিভাগে ৰূপায়ন কৰা আঁচনিৰ পৰ্যালোচনা...

himanta biswa sarma Badaruddin Aajmal