মহানগৰীত বিভিন্ন বিভাগে ৰূপায়ন কৰা আঁচনিৰ পৰ্যালোচনা...

সাংসদ কুইন ওজা আৰু বিধায়ক কলিতাই বিষয়াসকলক বিভিন্ন বিষয়ত দিহা-পৰামৰ্শ প্ৰদান কৰে ৷

author-image
Asomiya Pratidin
New Update
মহানগৰীত বিভিন্ন বিভাগে ৰূপায়ন কৰা আঁচনিৰ পৰ্যালোচনা...

ডিজিটেল ডেস্ক : কামৰূপ (মহানগৰ) জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি 'দিশা'ৰ এখন বৈঠক সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। এই বৈঠক গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৷

Advertisment

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থকা বৈঠকখনত কামৰূপ (মহানগৰ) জিলাত বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা আঁচনিৰ পৰ্যালোচনা কৰা হয় আৰু যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত 'দিশা'ৰ বৈঠকৰ সিদ্ধান্তৰ বিপৰীতে বিভাগসমূহে লোৱা পদক্ষেপৰ আলোচনা কৰা হয় ৷ সাংসদ কুইন ওজা আৰু বিধায়ক কলিতাই বিষয়াসকলক বিভিন্ন বিষয়ত দিহা-পৰামৰ্শ প্ৰদান কৰে ৷

তেওঁলোকে গুৱাহাটী মহানগৰীৰ বানপানী, বাট-পথ, নলা-নৰ্দমা আদি বিষয়ত সৃষ্টি হোৱা সমস্যা সমাধানৰ বাবে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকৰণ আৰু লোক নিৰ্মাণ বিভাগক সমন্বিতভাৱে কাম কৰাত গুৰুত্ব আৰোপ কৰে ৷ বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে বিষয়া পৰ্যায়ত অনুষ্ঠিত বান ব্যৱস্থাপনাৰ আলোচনাত জনপ্ৰতিনিধি সকলকো জড়িত কৰিবলৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পৰামৰ্শ আগবঢ়ায় ৷

গুৱাহাটী মহানগৰীৰ নলা- নৰ্দমা আৰু বাহিনী, ভৰলু নৈৰ পৰিস্কাৰকৰণৰ লগতে বোকা আদি আঁতৰোৱাৰ কাম চলি থকা বুলি গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তই সদৰি কৰে ৷ বিগত 'দিশা' বৈঠকত পৰিবেশ ৰক্ষাৰ স্বাৰ্থত ব্যাপক হাৰত বৃক্ষৰোপনৰ বাবে দিয়া পৰামৰ্শ কিমানদূৰ কাৰ্যকৰী হৈছে সেয়া পৰ্যালোচনা কৰি জনপ্ৰতিনিধি দুগৰাকীয়ে বন বিভাগক নিজাববীয়াকৈ পৰ্যাপ্ত পৰিমাণে গছ পুলি উৎপাদন কৰিবলৈ পৰামৰ্শ দিয়ে৷

ইয়াৰ বাবে প্ৰয়োজনীয় ভূমিৰ ব্যৱস্থা কৰাত সহায় কৰাৰো আশ্বাস দিয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কগৰাকীয়ে ৷ বৈঠকত এমজি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ,জলজীৱন মিছন, মধ্যাহ্ন ভোজন, কৃষকৰ পৰা ধান ক্ৰয় আদি বিষয়ত বিতংভাৱে আলোচনা কৰা হয় ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ অতিৰিক্ত সচিব এষ্টাৰ কাথাৰ, জিলা উন্নয়ণ আয়ুক্ত গৌৰী শংকৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডৰথী ছুচিয়াং প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷

Also Read: বাঁহ শিল্পৰে চিকিৎসক দম্পতীৰ প্ৰশংসনীয় পদক্ষেপ

GOVT OF ASSAM