আনুষ্ঠানিকভাৱে উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু অসমীয়া ভাষাৰ প্ৰথমখন ব্ৰেইল ব্যাকৰণ...

আনুষ্ঠানিকভাৱে উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু অসমীয়া ভাষাৰ প্ৰথমখন ব্ৰেইল ব্যাকৰণ...
আনুষ্ঠানিকভাৱে উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু অসমীয়া ভাষাৰ প্ৰথমখন ব্ৰেইল ব্যাকৰণ...

ডিজিটেল ডেস্কঃ আজি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয় ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা হেমকোষৰ পঞ্চদশ পৰিশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণৰ লগতে তেওঁ প্ৰণয়ন কৰা অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰ।

প্ৰখ্যাত শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য হাজৰিকা, বড়ো সাহিত্য সভাৰ ৬ টাকৈ কাৰ্যকালৰ সভাপতি তৰেণ বড়োৱে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে এই দুয়োখন গ্ৰন্থ।

অনুষ্ঠানৰ আৰম্ভণিতে হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে মঞ্চত উপবিষ্ট ড০ অমৰজ্যোতি চৌধুৰী, ড০ সূৰ্য হাজৰিকা, তৰেণ বড়োক সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই একোখনকৈ ফুলাম গামোচা, চেলেং আৰু ফুলৰ টোৰাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰোপৰি হেমকোষৰ পঞ্চদশ পৰিশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণত অভিভাৱকত্ব পালন কৰা তিনিগৰাকী প্ৰখ্যাত ভাষাবিদ ক্ৰমে ড০ মালিনী গোস্বামী, ড০ বসন্ত গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচামকো আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। ড০ মালিনী গোস্বামীক জয়ন্ত বৰুৱাৰ সহধৰ্মিনী ৰুবী বৰুৱাই এজোৰ মেখেলা চাদৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায়।

Graphics

ভাষাবিদ ড০ বসন্ত গোস্বামীক এখন এৰী চাদৰ, চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনায় অনুৰাধা শৰ্মা পূজাৰীয়ে আৰু একেদৰে ড০ উপেন ৰাভা হাকাচামকো এখন গামোচা, এৰী চাদৰ, চেলেঙেৰে সম্বৰ্ধনা জনাই মাইনী মহন্তই।

অনুষ্ঠানৰ উদ্বোধনী ভাষণত জয়ন্ত বৰুৱাই কয়, ওজা হেমচন্দ্ৰ বৰুৱাদেৱে প্ৰণয়ন কৰি যোৱা অসমীয়া ভাষাৰ প্ৰাণ হেমকোষ অভিধানখন প্ৰকাশ হৈছিল ১৯০০ চনত। পৰৱৰ্তী সময়ত দুটা সংস্কৰণ প্ৰকাশ কৰিছিল আমাৰ ককা আনন্দৰাম বৰুৱাদেৱে। ককাৰ পাছত আমাৰ পিতৃ হেমকোষ প্ৰাণ দেৱান্দ বৰুৱাদেৱে চতুৰ্থ সংস্কৰণৰ পৰা চতুৰ্দশ সংস্কৰণলৈকে হেমকোষৰ কাম কৰি গ'ল। আজি আমি ইয়াত সমবেত হৈছো হেমকোষৰ পঞ্চদশ সংস্কৰণৰ উন্মোচনী সভাত।

তেওঁ কয়, ২০১১ চনত মোৰ পিতৃৰ বিয়োগৰ পাছত বিগত ১২ টা বছৰত হেমকোষৰ কোনো নতুন সংস্কৰণ কাম হোৱা নাছিল। পিতৃয়ে কৰি যোৱা চতুৰ্দশ সংস্কৰণখনকে আমি পুনৰ মুদ্ৰণ কৰি ৰাইজলৈ আগবঢ়াই আহিছিলো। গতিকে পৰৱৰ্তী সময়ত বিভিন্নজন গুণী-জ্ঞানী ব্যক্তিৰে আলোচনা কৰি ২০২২ চনৰ আৰম্ভণিৰ পৰা হেমকোষৰ পঞ্চদশ সংস্কৰণৰ কাম আৰম্ভ কৰো।

এই ক্ষেত্ৰত আমাৰ প্ৰয়াসলৈ সম্পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতিৰে আৰু অভিভাৱক হিচাপে থাকি সুদীৰ্ঘ ডেৰবছৰ কাল কঠোৰ পৰিশ্ৰম কৰিলে তিনিগৰাকী ভাষাবিদে। তেওঁলোক হ'ল ড০ মালিনী গোস্বামী, ড০ বসন্ত গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচামদেৱ। তেখেতসকলৰ বাঁচনি মৰ্মেই ভাষা গৱেষণাৰে জড়িত কেইবাজনো প্ৰবক্তা আৰু অন্যান্য ব্যক্তিয়ে শব্দৰ যোগানকে ধৰি বিভিন্ন ধৰণে সহায় কৰিলে।

ভাষণত তেওঁ এই মহৎ উদ্দেশ্য সম্পূৰ্ণ কৰাৰ বাবে অভিভাৱকস্বৰূপে তিনিওগৰাকী ভাষাবিদৰ লগতে হেমকোষৰ পঞ্চদশ সংস্কৰণৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জনায়।

আনহাতে অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰৰ সন্দৰ্ভত তেওঁ কয়, হেমচন্দ্ৰ বৰুৱাৰ আন এক অমৰ সৃষ্টি অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ ১৮৭৩ চনতে তেখেতে সংশোধন আৰু পৰিবৰ্ধন কৰি প্ৰকাশ কৰি গৈছে। আপোনালোকে জানে হেমকোষৰ পঞ্চদশ সংস্কৰণৰ ব্ৰেইল অভিধানৰ কাম সম্পূৰ্ণ কৰি দৃষ্টিহীন বিদ্যালয়, বিশ্ববিদ্যালয়সমূহত বিনামূলীয়াকৈ প্ৰদান কৰিছো। কিন্তু হেমকোষ অভিধানখনৰ কাম কৰি থাকোঁতেই আমি অনুভৱ কৰিছিল ব্ৰেইল লিপিত কোনো অসমীয়া ব্যাকৰণ নাই।

ইমান বছৰে ব্যাকৰণ অবিহনেই দৃষ্টিহীনসকলে জ্ঞান লাভ কৰি আহিছে। গতিকে আমি এই ব্যাকৰণখন ব্ৰেইল লিপি কৰাৰ বাবে অতি জৰুৰী বুলি উপলব্ধি কৰিলো। তাৰ পাছতে আমি সেই কাম হাতত লৈ সম্পূৰ্ণ কৰিব পাৰিলো। ইতিমধ্যে এই ব্ৰেইল ব্যাকৰণখন আমি দুটা খণ্ডত প্ৰকাশ কৰি উলিয়াইছো। এই দুটা খণ্ডৰ ব্ৰেইল ব্যাকৰণ খনো আজি উন্মোচনৰ লগতে বিনামূলীয়াকৈ বিতৰণো হ'ব।

তেওঁ এই ব্ৰেইল ব্যাকৰণখন প্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত ব্ৰেইল প্ৰেছৰ কৌশিক শৰ্মা, দিগন্ত তালুকদাৰ আৰু সুভাষ শৰ্মাৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰতিজনকে কৃতজ্ঞতা জ্ঞাপন কৰে।

অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ, তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জিয়ক বীৰেন দাস, ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়া, ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয় তথা আন আন শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিভিন্ন দল, সংগঠনৰ নেতৃত্ব, বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সংবাদ কৰ্মী, বিভিন্ন ক্ষেত্ৰৰ নেতৃত্বাস্থানীয় ব্যক্ত আদি।

আজি উন্মোচিত দুয়োখন গ্ৰন্থৰ লগতে হেমকোষ ব্ৰেইলৰো বেটুপাতৰ কাম কৰি গ্ৰাফিক্স ডিজাইনৰ ইয়াজুল আজিজ চৌধুৰীকে ধৰি হেমকোষৰ পঞ্চদশ সংস্কৰণৰ লগতে অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণৰ ব্ৰেইল লিপ্যন্তৰৰ ডিটিপি, প্ৰিণ্টিংকে ধৰি বিভিন্ন কামত জড়িত হৈ থকা ব্যক্তিসকলকো কৃতজ্ঞতাৰ চিন স্বৰূপে সম্বৰ্ধনা জ্ঞাপন কৰে।

জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই আঁতধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে গণেশ বন্দনা পৰিৱেশন কৰে অজন্তা গোস্বামীয়ে।

আনুষ্ঠানিকভাৱে উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু অসমীয়া ভাষাৰ প্ৰথমখন ব্ৰেইল ব্যাকৰণ...
উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণঃ কিদৰে প্ৰস্তুত কৰা হৈছে এই সংস্কৰণ, চাওঁক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in