উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণঃ কিদৰে প্ৰস্তুত কৰা হৈছে এই সংস্কৰণ, চাওঁক সবিশেষ...

উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণঃ কিদৰে প্ৰস্তুত কৰা হৈছে এই সংস্কৰণ, চাওঁক সবিশেষ...
উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণঃ কিদৰে প্ৰস্তুত কৰা হৈছে এই সংস্কৰণ, চাওঁক সবিশেষ...

ডিজিটেল ডেস্কঃ আজি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণ। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই ১৯০০ চনতে প্ৰণয়ন কৰা হেমকোষৰ চতুৰ্দশ সংখ্যক সংস্কৰণ ২০১১ চনত প্ৰকাশ পাইছিল। ২০২২ ৰ আৰম্ভণিতে হেমকোষৰ পঞ্চদশ সংস্কৰণ প্ৰকাশৰ কথা চিন্তা কৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।

ইয়াৰ পাছতে ৰাজ্যৰ তিনিগৰাকী প্ৰখ্যাত ভাষাবিদ ড০ মালিনী গোস্বামী, ড০ বসন্ত গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচমৰ ওপৰত গুৰুদায়িত্ব অৰ্পণ কৰে। তেওঁলোকৰ অভিভাৱকত্বতে সুদীৰ্ঘ ডেৰ বছৰৰো অধিক সময় আন একাংশ ভাষা গৱেষণাৰে জড়িত প্ৰবক্তা তথা ভাষাবিদৰ প্ৰচেষ্টাত হেমকোষৰ পঞ্চদশ সংস্কৰণৰ কাম সম্পূৰ্ণ কৰি তোলে।

এই অভিধানখন প্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত মানি চলা হৈছিল কেইবাটাও নীতি। এই সম্পৰ্কে প্ৰখ্যাত ভাষাবিদ মালিনী গোস্বামীয়ে উন্মোচনী সভাত উল্লেখ কৰিছে। তেওঁ কয়, হেমকোষ অভিধানৰ জন্ম আৰু বিকাশ সম্বন্ধে অসমীয়া লোকক নতুনকৈ পুনৰ দোহাৰিবৰ প্ৰয়োজন নাই। মই কেৱল আজি উন্মোচন হ'বলগীয়া শয্যাতিৰ আমি প্ৰস্তত কৰি লোৱা নীতিসমূহৰ প্ৰধান কেইটিমান পাঠক, গ্ৰাহকক জনাই যাব খুজিছো। যাতে এই গ্ৰন্থখন হাতত পৰাৰ সময়ত আমি মানি চলা নীতিসমূহৰ বিষয়ে অৱগত হৈ থাকে।

হেমকোষৰ প্ৰথমসংস্কৰণৰ লক্ষ্যণসমূহ হেমকোষৰ পঞ্চদশ সংস্কৰণে যাতে ৰক্ষা কৰিব পাৰে তালৈ সততে লক্ষ্য ৰখা হৈছে। হেমকোষ অসমীয়া ভাষাৰ অভিধান সেই কথা ক্ষণে ক্ষণে, পদে পদে আমি মনত ৰাখি কামত আগবাঢ়িছিলো।

অসমীয়া ভাষাৰ বোৱতী গতিৰ পাৰে পাৰেহে পঞ্চদশ সংস্কৰণ আগবাঢ়িছে। সেয়েহে ভাষাৰ সোঁতত উটি অহা নতুন শব্দ এই সংস্কৰণে সামৰি লৈছে। নতুন প্ৰবৃষ্টিয়ে সেই হিচাপে ৩,৬০০ সংখ্যক শব্দক অতিক্ৰম কৰিছে।

প্ৰথম সংস্কৰণৰ পাতনিৰ প্ৰথম স্বেদতে হেমচন্দ্ৰ বৰুৱাই আক্ষেপ কৰি কৈছে- সংস্কৃতিক আদৰ আৰু দেশী ভাষাক হেয় কৰাৰ বাবে অসমীয়া ভাষাৰ শব্দৰ সংখ্যা কম। কিন্তু আমি কাম কৰি অনুভৱ কৰিছো অসমীয়া ভাষাত আচলতে শব্দৰ অভাৱ নাই। হেমচন্দ্ৰ বৰুৱাৰ এই আক্ষেপৰ প্ৰতি সন্মান জনাই আমি যথেষ্ট সংখ্যক দেশী শব্দ, স্থানীয় শব্দ ইয়াত সংযোগ কৰাৰ কথা এটা নীতি হিচাপে গ্ৰহণ কৰিছো।

এটা কথা ঠিক হেমচন্দ্ৰ বৰুৱাৰ পৰৱৰ্তী সংস্কৰণবোৰত কিছু দেশী বা স্থানীয় শব্দ অন্তৰ্ভুক্ত হৈছে, নোহোৱাকৈ থকা নাই। কিন্তু এইবেলি দেশী বা স্থানীয় শব্দ গ্ৰহণ কৰাত এক উদাৰ নীতি গ্ৰহণ কৰা হৈছে। পূৰ্বতে অভিধানবোৰত উজনি, নামনি, কামৰূপ, দৰং, গোৱালপাৰা আদিৰ বাবে ৰখা সংকেট চীহ্নবোৰ এইবাৰ সমূলি বৰ্জন কৰা হৈছে।

উজনি, নামনি আৰু মধ্য অসমৰ মাজত থিয় হৈ থকা অদৃশ্য আৰু অলিখিত অথচ বহু পৰিচিত, বহু ব্যৱহৃত যি কেইখন বেৰ আছে উজনি নামনি বুলি সেই বেৰ কেইখন ভাঙি পেলাবলৈ এটা সৱল সিদ্ধান্ত লোৱা হৈছে। সেয়ে স্থান নিৰ্বিশেষে লিখিত, কথিত সকলো শব্দকে অসমীয়া শব্দ বুলি মান্যতা সহকাৰে এই সংস্কৰণত আদৰি লোৱা হৈছে।

বৰ্তমান বুজন সংখ্যক সাহিত্যিকে অসমীয়া সাহিত্যলৈ জনগোষ্ঠীয় কাহিনীৰে সৃষ্টিশীল আৰু মননশীল ৰচনা আগবঢ়াইছে। ইয়াৰ ভিতৰত বহু কেইজন স্বনামধন্য, শ্ৰদ্ধেয় সাহিত্যিকো আছে। জনগোষ্ঠীয় উৎসৱ, পাৰ্বন, সাজ-পোচাক, আ-অলংকাৰ, গীত-নৃত্য, বাদ্য আদিৰ লগত জড়িত বহু শব্দ অসমীয়া ভাষাত সন্ধালনীকৈ ব্যৱহাৰ হ'বলৈ ধৰিছে।

বিহু মঞ্চ, দূৰদৰ্শন, চলচ্চিত্ৰ আদিৰ জৰিয়তে ভালেমান জনগোষ্ঠীয় কলা-সামগ্ৰী অসমীয়া মানুহৰ লগতে ভাৰতত, বিশ্ব সংস্কৃতিৰ ক্ষেত্ৰখনতো ইতিমধ্যে পৰিচিত হৈ পৰিছে। তেনেবোৰ শব্দই এতিয়াই অসমীয়া অভিধানত মান্যতা পোৱা উচিত বুলি বিবেচিত হয় আৰু কাম কৰোঁতে এই কথাষাৰ আমি বিশেষভাৱে মনত ৰাখি আগবাঢ়িবলৈ চেষ্টা কৰিছিলো।

অসমৰ চাৰিওসীমাতে অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্যৰ অৱস্থিতি হোৱাৰ বাবে সীমামূৰীয়া ঠাইসমূহৰ দুয়ো ৰাজ্যৰ কিছুমান উমৈহতীয়া শব্দৰ প্ৰচলন আছে। তেনে সীমামূৰীয়া ভাষা যাক 'বৰ্ডাৰ লেংগুৱেজ' বুলি কোৱা হয় তেনে ব'ৰ্ডাৰ লেংগুৱেজৰ বাৰংবাৰতা বুজি পঞ্চদশ সংস্কৰণত সেইখিনি সামৰি লৈছো।

তদুপৰি যোগাযোগ, বিনিময় আৰু বিজ্ঞান অগ্ৰগিতৰ ফলত যিবোৰ বিদেশী শব্দ অসমীয়া ভাষাত সন্ধালনীকৈ ব্যৱহাৰ হৈছে যেনে- চিলিণ্ডাৰ, চেক, চেলাইন, বেংক, অডিট ইত্যাদি শব্দৰ কোনো অসমীয়া ভাষান্তৰ বা ৰূপান্তৰ বা অসমীয়া সমাৰ্থক প্ৰতিশব্দ বিচাৰিবলৈ যোৱা নাই। বৰঞ্চ তেনেধৰণেই যিবোৰ শব্দ জনপ্ৰিয় হৈছে সেইখিনি শব্দ আমি অসমীয়া বানানাত ৰাখিবলৈ সিদ্ধান্ত লৈছো।

অভিধানখন ব্যৱহাৰকাৰীৰ সুবিধাৰ কথা ভাবি তথা ব্যাকৰণগত দুই এটা সিদ্ধান্তৰ কথা ভাবি পূৰ্বৱৰ্তী সংস্কৰণৰ পৰিভাষাসমূহ পৰিশিষ্টত থুপাই থোৱা হৈছে। তেনেধৰণেই কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তিগত শব্দবোৰো চাৰ্টানুকূল হ'বৰ বাবে পৰিশিষ্টত থুপাই থোৱা হৈছে।

অৱশ্যে এটা কথা কৈ থোৱা ভাল, এই শব্দ পঞ্জীয়ে বিজ্ঞানৰ ছাত্ৰক বিষয় সম্পৰ্কীয় জ্ঞানৰ যোগান নধৰে। পূৰ্বৱৰ্তী সংস্কৰণৰ শব্দ বৰ্জন নকৰাকৈ গ্ৰন্থখনে যাতে কলেৱৰ নিয়ন্ত্ৰণ কৰি চলিব পাৰে তাৰ বাবে বিশেষ যত্ন লোৱা হৈছে। তাৰ বাবে অভিধান তত্বৰ পদ্ধতিগত নিয়ম বৰ কঠোৰভাৱে মানি চলা হৈছে।

ইয়াৰোপৰি তেওঁ কয়, বহু আন্তৰিকতা আৰু বহুত চেষ্টাৰে আমি এই সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলো। কিন্তু পৃথিৱীত আজিলৈকে এখন মাত্ৰ অভিধানৰ বাহিৰে নিৰ্ভুল বুলি ক'ব পৰা অভিধান পৃথিৱীত প্ৰকাশ হোৱা নাই বুলি আমাৰ মাজত এটা প্ৰবাদ আছে। সেই প্ৰবাদৰ প্ৰতিও সন্মান জনাই আমি কওঁ, আমাৰ এই আশাসুধিয়া প্ৰচেষ্টাত আমাৰ নিশ্চয় কিবাকিবি ভুল হৈ ৰৈছে।

তাৰ বাবে আমি সকলো মাৰ্জনাপ্ৰাৰ্থী। আজি আমি এনেধৰণেই হেমকোষৰ পঞ্চদশ সংস্কৰণ ৰাইজৰ হাতত তুলি দিবলৈ পাই এটা অতি পবিত্ৰ কামত ভাগ ল'বলৈ পাইছো বুলি ভাবিছো। এখন গ্ৰন্থৰ জন্ম এখন সমাজৰ বাবে অতি মংগলৰ কথা। গতিকে মই হেমকোষৰ শ্ৰীবৃদ্ধি কামনা কৰিছো।

উন্মোচন হ'ল হেমকোষৰ পঞ্চদশ সংস্কৰণঃ কিদৰে প্ৰস্তুত কৰা হৈছে এই সংস্কৰণ, চাওঁক সবিশেষ...
সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in