গুৱাহাটীৰ কামাখ্যা মটৰ্ছত নতুন টিয়াগো ই.ভি. মুকলি

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ কামাখ্যা মটৰ্ছত নতুন টিয়াগো ই.ভি. মুকলি

ডিজিটেল সংবাদ, গুৱাহাটী : ভাৰতৰ আগশাৰীৰ অটোম'টিভ ব্ৰেণ্ড টাটা মটৰ্ছে আজি মহানগৰীৰ কাম্যাখ্যা গেটস্থিত কামাখ্যা মটৰ্ছত নতুন টিয়াগো.ইভি বাহনখন মুকলি কৰে।

Advertisment

এই মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে টুহিন শৰ্মা। লগতে সৌমেন পল (আঞ্চলিক প্ৰবন্ধক, টাটা মটৰ্ছ), প্ৰডাক্ট বিশেষজ্ঞ বিশাল দীপ দাস, মানস প্ৰতিম দত্ত (জ্যেষ্ঠ পণ্য বিশেষজ্ঞ), ৰোহিত মালহোত্ৰা, পৰিচালন সঞ্চালক (কামাখ্যা মটৰ্ছ), উপেন শৰ্মা (জি এম কামাখ্যা মটৰছ), উপস্থিত থাকে।

GNCAPৰ দ্বাৰা ৪ষ্টাৰ ৰেটিং প্ৰাপ্ত টিয়াগো.ইভি হৈছে টাটা টিয়াগোৰ ইলেক্ট্ৰিক সংস্কৰণ, যি বজাৰত বহুলভাৱে সমাদৰ লাভ কৰিছে। টিয়াগো.ইভি দুটা বেটাৰী পেকৰ বিকল্পৰ সৈতে মুকলি কৰা হৈছে - 19.2 KWh & 24 KWh যিয়ে ক্ৰমে ২৫৭ কিলোমিটাৰ আৰু ৩১৫ কিলোমিটাৰ MIDC পৰিসৰ প্ৰদান কৰে। বেটাৰী পেক আৰু মটৰ IP67 প্ৰমাণিত আৰু ইয়াত 8 বছৰ/160000 কিঃমিঃ ৱাৰেণ্টি দিয়া হৈছে। এই বাহনখনে ঘণ্টাত ০-৬০ কিলোমিটাৰ গতিবেগত গতি কৰিবলৈ মাত্ৰ ৫.৭ ছেকেণ্ড সময় লয়।

টিয়াগো.ইভি-ত ৫ ৰঙৰ বিকল্পৰ এটা পৰিসৰৰ সৈতে আহে আৰু আৰু ইয়াত বহুতো সুবিধা যেনে- ইয়াৰ শ্ৰেণীত প্ৰথম, জেড কানেক্টৰ দৰে সকলো ট্ৰিম, লেডাৰেট চিট, ক্ৰুজ নিয়ন্ত্ৰণ, ৰেইন চেঞ্চিং ৱাইপাৰ, এফ.এ.টি.চি. আছে। এক অৰ্থত গাড়ীখনক প্ৰযুক্তি, ষ্টাইল, প্ৰদৰ্শন, আৰাম আৰু সুৰক্ষাৰ এক সম্পূৰ্ণ পেকেজৰ সৈতে প্ৰস্তুত কৰা হৈছে।

আৰু পঢ়ক : ধিং নামডুমডুমীয়া সাৰ্বজনীন শিৱমন্দিৰত শিৱভক্ত নন্দীৰ বৃষভ ৰূপত স্থাপন

tata motors