/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/eae52bad-ce99-4116-a67f-8ab25a1843a8/m4.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি পবিত্ৰ শিৱৰাত্ৰি। সমগ্ৰ দেশৰ লগতে ধিং নামডুমডুমীয়াত উলহ মালহেৰে পালন কৰা হৈছে মহাশিৱৰাত্ৰি। এই পবিত্ৰ দিনটোতে নামডুমডুমীয়া সাৰ্বজনীন শিৱমন্দিৰত শিৱভক্ত নন্দীৰ বৃষভ ৰূপত স্থাপন কৰা হয়।
সাহিত্যিক, সমাজকৰ্মী, শিক্ষক দিলীপ কুমাৰ নাথে প্ৰদান কৰা শিৱভক্ত নন্দীৰ বৃষভ ৰূপত বায়ন, আয়তীৰ উৰুলিৰ ধ্বনিৰ মাজেৰে স্থাপন কৰে নামাচাৰ্য জীতেন্দ্ৰনাথ বৰুৱাই। শিৱমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক জীৱন ছন্দ্ৰ নাথে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত পৰিচালনা সমিতিৰ সভাপতি অকন চন্দ্ৰ মজুমদাৰ, শিৱৰাত্ৰি উদযাপন সমিতিৰ সভাপতি গনেশ শইকীয়া, সম্পাদক তৰুণ সূত্ৰধৰ, ৰাজেন দাস, প্ৰনতী নাথ, হৃদয় জ্যোতি দাস, তীৰ্থাংক নাথ, বিনি ডেকা নাথ, নৱনীতা নাথকে ধৰি ভকত বৈষ্ণৱ আই মাতৃ সহ সহস্ৰাধিক লোক উপস্থিত থাকে।