মহানগৰীত "স্বচ্ছতা হী সেৱা" অভিযান

মহানগৰীত "স্বচ্ছতা হী সেৱা" অভিযান

author-image
Asomiya Pratidin
New Update
মহানগৰীত "স্বচ্ছতা হী সেৱা" অভিযান

ডিজিটেল সংবাদ, গুৱাহাটীঃ ২৯ ছেপ্তেম্বৰত সন্ধিয়া ৬.৩০ বজাত সুৰুজ পথ - এফ চি আই কলনীত উপ সভাপতি শ্ৰী লোহিত কলিতাৰ বাসগৃহত "সুধাকন্ঠ ড০ ভূপেন হাজৰিকা পথ নিৰ্মাণ দাবী সমিতি" ৰ কৰ্ণধাৰ সমিতিৰ এখন জৰুৰী আলোচনা সভা অনুষ্ঠিত হৈ যায়। আলোচনা সভাত যোৱা ১৯ছেপ্তেম্বৰ তাৰিখে ফাচী বজাৰ কাৰ্যালয়ত অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী মণ্ডলৰ অভিযন্তা শ্ৰী ভবেন শৰ্মা আৰু " সুধাকন্ঠ ড০ ভূপেন হাজৰিকা পথ নিৰ্মাণ দাবী সমিতি " ৰ মাজত অনুষ্ঠিত হোৱা সভাত পথটোৰ পশ্চিম ফালে থকা বিদ্যুৎ খুটাবোৰ যথাস্থানত স্থানান্তৰ কৰা, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী স্থানত পথটো বহল কৰা আৰু প্ৰতিটো উপ-পথত একোটাকৈ ক্ৰোছ কালভাৰ্ট নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা বাবে আদৰণি জনোৱা হয়।

Advertisment

লগতে ১ অক্টোবৰত ৰাতিপুৱা ৯-০০ বজাৰ পৰা সুধাকন্ঠ ড০ ভূপেন হাজৰিকা পথৰ মৰাভৰলু নদীৰ পাৰত জাৱৰ জোথৰ পেলোৱাটো বন্ধ কৰাৰ বাবে সুধাকন্ঠ ড০ ভূপেন হাজৰিকা পথ নিবাসী প্ৰতিগৰাকী নাগৰিকক সজাগ - সচেতন কৰাৰ বাবে নাম ফলক লগোৱা আৰু প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অহা ১ অক্টোবৰত " স্বচ্ছতা হী সেৱা " কাৰ্যসূচীত অংশ হিচাপে ভৰলু নদীৰ পাৰত চাফাই সজাগতা কাৰ্যসূচী পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। ১ অক্টোবৰত ৰাতিপুৱা ৯-০০ বজাৰ পৰা সুধাকন্ঠ ড০ ভূপেন হাজৰিকা পথ নিৱাসী প্ৰতিগৰাকী নাগৰিকক নিজৰ নিজৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখৰ ভৰলু নদীৰ কদৰ্যময় জাৱৰ - জোথৰবোৰ চাফাই কৰাৰ বাবে এঘন্টা সময় দিয়াৰ বাবে বিনম্ৰ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Also Read: পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...

guwahati