স্বাগতা চুপাৰ স্পেচিয়েলিটি হাস্পতালত বিনামূলীয়া কাণ পৰীক্ষা কাৰ্যসূচী...

 স্বাগতা চুপাৰ স্পেচিয়েলিটি হাস্পতালত বিনামূলীয়া কাণ পৰীক্ষা কাৰ্যসূচী...
স্বাগতা চুপাৰ স্পেচিয়েলিটি হাস্পতালত বিনামূলীয়া কাণ পৰীক্ষা কাৰ্যসূচী...

ডিজিটেল ডেস্কঃ শ্ৰৱণৰ গুৰুত্ব সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ্যৰে প্ৰতি বছৰে ৩ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব শ্ৰৱণ দিৱস (ৱ'ৰ্ল্ড হেয়াৰিং দে') ৰ আয়োজন কৰা হয়। এইবছৰ বিশ্ব শুনানি দিৱসৰ বিষয়বস্তু হৈছে সকলোৰে বাবে 'কাণ আৰু শ্ৰৱণ যত্নক বাস্তৱত পৰিণত কৰোঁ আহক'। গুৱাহাটীৰ এখন অগ্ৰণী চিকিৎসালয় স্বাগতা চুপাৰ স্পেচিয়েলিটি হাস্পতালত বিনামূলীয়া কাণ পৰীক্ষা কাৰ্যসূচীৰ অনুষ্ঠিত হয়।

স্বাগতা চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ অধ্যাপক স্বাগতা খান্নাৰ নেতৃত্বত ই এন টিশল্য চিকিৎসকৰ এটা দলে ৰোগীসকলক এই বিনামূলীয়া পৰীক্ষা কৰে। চিকিৎসালয়খনত শ্ৰৱণ শক্তি আৰু শ্ৰৱণ সম্পৰ্কীয় ৰোগৰ যত্নৰ বাবে সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে প্ৰায় ৭০ জন ৰোগীক পৰীক্ষা কৰা হয়।

এই সন্দৰ্ভত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি অধ্যাপক স্বাগতা খান্নাই কয় যে, বিশ্ব শ্ৰৱণ দিৱস হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰতি বছৰে জনসাধাৰণৰ মাজত বধিৰতা প্ৰতিৰোধৰ সজাগতা আৰু প্ৰতিৰোধৰ বাবে অনুষ্ঠিত কৰা এক অভিযান।

নিজৰ ভাষণত তেওঁ শ্ৰৱণ শক্তি হ্ৰাস হোৱাৰ গুৰুত্বপূৰ্ণ কাৰণবোৰ ভিতৰত দীৰ্ঘম্যাদী কাণৰ সংক্ৰমণ, দীৰ্ঘসময় ধৰি হেড ফোনৰ ব্যৱহাৰ উচ্চ স্বৰৰ শব্দ আদি। তেওঁ কয় যে, দীঘলীয়া সময়ৰ বাবে ঔষধ ব্যৱহাৰ কৰা বা কোনো চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ৰোগীয়ে গ্ৰহণ কৰা ঔষধৰ বাবেও স্থায়ী বধিৰতা হ'ব পাৰে।

গৰ্ভৱতী মাতৃয়ে যিকোনো অপ্ৰয়োজনীয় ঔষধ আৰু বিকিৰণৰ সংস্পৰ্শলৈ অহা পৰিহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াই তেওঁ, গৰ্ভৱতী মহিলাৰ যত্ন লোৱা উচিত বুলিও মন্তব্য কৰে। ইয়াৰ ফলত শিশুৰ বধিৰতাৰ সমস্যা হ্ৰাস পাব বুলি মন্তব্য কৰিছে। তেওঁ শিশুৰ বধিৰতা হ্ৰাসৰ বাবে সঠিক টিকাকৰণৰ ওপৰতো গুৰুত্ব দিবলৈ পৰামৰ্শ আগবাঢ়াইছে।

 স্বাগতা চুপাৰ স্পেচিয়েলিটি হাস্পতালত বিনামূলীয়া কাণ পৰীক্ষা কাৰ্যসূচী...
অসমীয়া প্ৰতিদিনৰ সাংবাদিক অজন্ত কুমাৰ বৰালৈ গ্ৰাম্য সাংবাদিকতা বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in