অসমীয়া প্ৰতিদিনৰ সাংবাদিক অজন্ত কুমাৰ বৰালৈ গ্ৰাম্য সাংবাদিকতা বঁটা...

অসমীয়া প্ৰতিদিনৰ সাংবাদিক অজন্ত কুমাৰ বৰালৈ গ্ৰাম্য সাংবাদিকতা বঁটা...
অসমীয়া প্ৰতিদিনৰ সাংবাদিক অজন্ত কুমাৰ বৰালৈ গ্ৰাম্য সাংবাদিকতা বঁটা...

ডিজিটেল সংবাদ টীয়কঃ 'অসমীয়া প্ৰতিদিন'ৰ 'উত্তৰ-পশ্চিম যোৰহাটৰ সাংবাদিক অজন্ত কুমাৰ বৰালৈ আগবঢ়োৱা হৈছে 'মৃদুল বৰুৱা সোঁৱৰণী গ্ৰাম্য সাংবাদিক বঁটা'। টীয়ক প্ৰেছ ক্লাবে সদৌ অসম ভিত্তিত প্ৰৱৰ্তন কৰি আহিছে এই বঁটা।

আনহাতে বোকাজানৰ সাংবাদিক নৰেন হাজৰিকালৈ আগবঢ়াইছে 'বিজয় প্ৰকাশ বৰুৱা সোঁৱৰণী অনুসন্ধানমূলক বঁটা'। অহা ৫ মাৰ্চত দুয়োগৰাকী বঁটাপ্ৰাপক সাংবাদিকক এই বঁটা প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, ৫ মাৰ্চত টীয়ক প্ৰেছ ক্লাবৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে দুয়োগৰাকী সাংবাদিকক বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

অনুষ্ঠানত টীয়ক প্ৰেছ ক্লাৱে প্ৰৱৰ্তন কৰা 'টীয়ক গৌৰৱ বঁটা-২০২৩' প্ৰদান কৰা হ'ব। এইবাৰ এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে সংস্কৃত পণ্ডিত ড০ অকণ চন্দ্ৰ শইকীয়াক।

অসমীয়া প্ৰতিদিনৰ সাংবাদিক অজন্ত কুমাৰ বৰালৈ গ্ৰাম্য সাংবাদিকতা বঁটা...
কলিয়াবৰ, খানাপাৰা, মাটিয়াত কুকৰ্মৰ বাবে হাত দাঙিলে ৩ বিষয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in