/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a13cdc19-4f86-4ee6-af59-f86747b135a3/dhanda_ba.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটীৰ মহানগৰীৰ শিল্পী, কলা-কুশলীসকলৰ অন্যতম অনুষ্ঠান "সুৰতীৰ্থ"ৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । "বিষ্ণু নিৰ্মলা ভৱন"ত বৃহস্পতিবাৰে সন্ধিয়া ৬:৩০ বজাৰ পৰা আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হয় ।
সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আদৰণি সম্ভাষণ জনায় সুৰতীৰ্থৰ সভাপতি চিন্ময় চৌধুৰীয়ে । সুৰকাৰ অৱনী ৰঞ্জন পাঠকে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট লোক সংগীত শিল্পী ক্ৰমে ধনদা পাঠক আৰু ধৰণী বণিক্যক ফুলাম গামোচা, ফুলৰ থোপা, মানপত্ৰ, শৰাই আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।
অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জী, বাদ্যশিল্পী পৰেশ কাকতি প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰে । ইয়াৰ পিচতে সংগীতা দাস ৰয়ৰ গুৰু বন্দনাৰে অনুষ্ঠিত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত কণিকা ভট্টাচাৰ্য, হেমন্ত নাথ,কবিতা বৰুৱা, বিজুলী গোস্বামী, হীৰেণ শৰ্মা, গীতাঞ্জলি মহন্ত বৰুৱা, বিমল দেৱ মেধি, মৃণাল দাস, সীমান্ত বৰকাকতি, ৰূপাঞ্জলি বৰুৱা, দ্বিপেন ৰয়, বিনা হাজৰিকা, কুঞ্জ ৰয়, দিব্যজ্যোতি কাকতি, দ্বীপম বৰুৱা, মৃদুলা দাস আদিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিত বিশিষ্ট শিল্পী ৰমেন বৰুৱা, দ্বিজেন কাকতি আদি বৰেণ্য ব্যক্তিসকল উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/dac7f03b-f16d-48ef-aee3-1f73adade125/bd514439_1c86_4170_84f3_7e04bf12c1c5.jpg)
Also Read: তিনি শিশুৰ কৰুণ গাঁথা : বঞ্চিত খাদ্য-বস্ত্ৰ আৰু বাসস্থানৰ পৰা