তিনি শিশুৰ কৰুণ গাঁথা : বঞ্চিত খাদ্য-বস্ত্ৰ আৰু বাসস্থানৰ পৰা

এই তিনিও বিধ অধিকাৰৰ পৰা বঞ্চিত মাজবাটৰ ৩গৰাকী শিশু
তিনি শিশুৰ কৰুণ গাঁথা : বঞ্চিত খাদ্য-বস্ত্ৰ আৰু বাসস্থানৰ পৰা

ডিজিটেল সংবাদ,ওৰাঙঃ মানুহক দৈনন্দিক জীৱনত ন্যূনতম জীৱন যাপন কৰিবলৈ লাগে খাদ্য,বস্ত্ৰ আৰু বাসস্থান। এই তিনিও বিধ অধিকাৰৰ পৰা বঞ্চিত মাজবাটৰ ৩গৰাকী শিশু। থাকিবলৈ নাই ঘৰ,শুবলৈ নাই বিচনা আৰু খাবলৈ নাই পৰ্যাপ্ত খাদ্য। আছে মাথোঁ অভাৱ আৰু অভাৱ।

মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ শান্তি ভগলপুৰ খৈৰালী গাঁৱৰ ৩টি শিশুৰ জীৱন ধাৰণ প্ৰণালীয়ে হতচকিত কৰিব প্ৰত্যক্ষদৰ্শীক। অৰুণাচল পাহাৰৰ নিকটৱৰ্তী অঞ্চলত বেৰ-চালি নোহোৱা এটি ঘৰ, শুবলৈ এখন বিচনা নোহোৱা ৩টা কণমানি শিশুৱে অনাহাৰে, অনিদ্ৰাই পাৰ কৰিছে প্ৰতিটো দিন, প্ৰতিটো ৰাতি ৷

এই তিনিয়োগৰাকী শিশুৰ কৰুণ অৱস্থাৰ কথা কিছুদিন পূৰ্বে সামাজিক মাধ্যমত বিয়পি পৰিছিল আৰু প্ৰসাৰিত হোৱা এটা ভিডিঅ'ৰ আলম লৈ বৃহস্পতিবাৰে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বিমল হেমব্ৰম আৰু ওদালগুৰি জিলা সভাপতি লক্ষ্মীৰাম চৰেৰন নেতৃত্বত এক সজাঁতি দল উপস্থিত হয় মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ভগলপুৰত।

জানিব পৰা অনুসৰি উপস্থিত সজাঁতি দলটোৱে জানিব পাৰে যে পূৰ্বে বাক্সা জিলাৰ পৰা গৃহহীন হোৱা গাঁৱখনৰ শ্ৰমিক মোহন চৰেনে পত্নীৰ সৈতে মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ভগলপুৰৰ পাহৰীয়া অঞ্চল বাসতি স্থাপন কৰি তিনিটা সন্তান ক্ৰমে ৰূপশ্ৰী চৰেন(৭) চৰন চৰেন(৬)আৰু সুৰুজ চৰেন(৩) পৰিয়ালটো কোনো মতে চলি আছিল। হঠাৎ পৰিয়ালটোলৈ এক অমানিশা নমি আহে।

মোহন চৰেনৰ পত্নী তথা শিশু তিনিটিৰ মাতৃ গৰাকীৰ মানসিক ভাৰসম্য হেৰুবাই ঘৰ এৰি গুছি যায়। তাৰ পিছৰে পৰা স্বামী মোহন চৰেন আৰু সন্তান কেইটাৰ জীবনলৈ নামি আহে ঘোৰ অমানিশা।

কৰ্মৰ সন্ধানত মোহন চৰেনে অৰুণাচলৰ পাহাৰত দিনটো ওলায় গৈ প্ৰায়ে সপ্তাহটো বাহিৰতে কটায়। মাজতে আহি শিশু কেইটাক কিছু খোৱা সামগ্ৰী গোটাই দি আকৌ সপ্তাহটোৰ বাবে বাহিৰলৈ যায়। আনফালে শিশু কেইটাই পিতৃয়ে গোটাই দিয়া খাদ্য যেনে-তেনে সিজাই মেলি টিঙৰ চালিৰ ঘৰটোতে বাহৰ চাং বা মাটিতে কটায়।

কেতিয়াবা ওচৰ-চুবুৰীয়াই মাতি নি খোৱাই বোৱাই তাতে ৰাখে। টিঙৰ চালিত শুৱলৈ নাই বিচনা ৷ খাৱলৈ নাই খাদ্য সামগ্ৰী এনেদৰে তিনিটা শিশুৱে ইয়াত দিন পাৰ কৰি আহিছিল ৷

এই সন্দৰ্ভত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ বিষয়ববীয়াই দূৰ্ভগীয়া শিশু কেইটাৰ অৱস্থাৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী, কাপোৰ চেণ্ডেল তিৰপাল আদি যোগান ধৰে ৷ ইপিনে কৰ্মৰ তাগিদাত অৰুনাচল পাহাৰত থকা শিশু কেইটাৰ পিতৃকো সংগঠনটোৰ কৰ্মীয়ে বিচাৰি আনে ৷

শিশু কেইটাৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সংগঠনটোৱে পিতৃৰ অনুমতিমৰ্মে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৷ ইফালে যি সময়ত চৰকাৰে সমাজৰ অন্তিমটো লোকক চৰকাৰী আঁচনি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ঢাক ঢোল বজাই থকাৰ সময়তে এই দৃশ্যই উন্মোচিত কৰিছে ফোপোলা স্বৰূপ ৷

কুম্ভকৰ্ণ নিদ্ৰাত থকা মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু বিটিআৰৰ মাজবাটৰ পৰিষদীয় সমষ্টিৰ সদস্য দীপক মৌৰৰ চকুত পৰিবেনে এই পৰিয়ালটো সেয়াহে ডাঙৰ প্ৰশ্ন বুলি উত্থাপন কৰে সংগঠনটোৱে।

তিনি শিশুৰ কৰুণ গাঁথা : বঞ্চিত খাদ্য-বস্ত্ৰ আৰু বাসস্থানৰ পৰা
উপহাৰ : "ছাত্ৰ দিৱস" উপলক্ষে ছাত্ৰ-ছাত্ৰী লৈ বৃত্তীয় সাহাৰ্য মুখ্যমন্ত্ৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in