দুৰ্ঘটনা নে আত্মহত্যা! PGৰ দ্বিতীয় মহলাৰ পৰা পৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

দুৰ্ঘটনা নে আত্মহত্যা! PGৰ দ্বিতীয় মহলাৰ পৰা পৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ আত্মহননৰ ঘটনাই চাঞ্চল্যৰ স়ৃষ্টি কৰিছে। মৃত ছাত্রীগৰাকী কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্রথম বৰ্ষৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। উজান বজাৰৰ প্রণালয়া নামৰ এটা ব্যক্তিগত পিজিত আছিল ছাত্ৰীগৰাকী। মঙলবাৰে পেয়িং গেষ্টটোৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই পৰিছিল ছাত্ৰীগৰাকী।

সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক জিএমচিএইছত ভৰ্তি কৰোৱা হৈছিল। যদিও বুধবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ছাত্রীগৰাকীৰ। ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ ম’বাইল ফোন আৰু ডায়েৰী জব্দ কৰিছে। আৰক্ষীয়ে এইপৰ্যন্ত ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ সদৰী কৰা নাই।

দুৰ্ঘটনা নে আত্মহত্যা! PGৰ দ্বিতীয় মহলাৰ পৰা পৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলনৰ বিহু কৰ্মশালা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in