/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0d2d8b6b-8cd5-4da0-b2b4-c6ec4c5f68f6/4.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ অপ্ৰতিৰোধ্য প্ৰকৃতিৰ অটুত চিৰপ্ৰৱাহমান ধাৰাবাহিকতা৷ প্ৰকৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং৷ শীতে লঠঙা কৰা গছ লতিকাত সেউজ আভৰণ আহিছে বসন্তৰ আগমনৰ লগে লগে৷ সেউজ বসন্তক আদৰণি জনোৱা বহাগৰ সেউজীয়া ৰূপত এতিয়া নানান ৰঙৰ সমাহাৰ ঘটিছে গছবিৰিখত৷
সমান্তৰালকে ৰাজ্যজুৰি চলিছে বিহু কৰ্মশালা। কাজিৰঙাতো কাজিৰঙা আঞ্চলিৰ ছাত্ৰ সন্থাৰ সৌজন্যত ৪১তম কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলনৰ উদ্যোগত সপ্তাহজোৰা কাৰ্য্যসূচীৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিছে বিহু কৰ্মশালা ৷ এই ঢোলবাদন আৰু বিহুনৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰিছে প্ৰায় দুই শতাধিক নাচনী-ঢুলিয়াই ৷