নিউ গুৱাহাটীত সুধাকণ্ঠৰ স্মৃতি দিৱস পালন

নিউ গুৱাহাটীত সুধাকণ্ঠৰ স্মৃতি দিৱস পালন

ডিজিটেল ডেস্ক : আজি ৫ নৱেম্বৰ। ২০১১ চনৰ আজিৰ এই দিনটোতে অসমবাসীক কন্দুৱাই অজান মূলুকলৈ যাত্ৰা কৰিছিল অসমীয়াৰ হিয়াৰ আঁমঠু তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাই।

তেওঁৰ স্মৃতিত আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে স্মৃতি দিৱস। ক'ৰবাত ক'ৰবাত সুধাকণ্ঠৰ পবিত্ৰ স্মৃতিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰে নিউ গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ উদ্যোগত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই দ্বাদশ সংখ্যক স্মৃতি দিৱস পালন কৰা হয়।

সমিতিৰ বিষয়-ববীয়াই সন্ধিয়া সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে, বিগত বছৰবোৰতো নিউ গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ড০ ভূপেন হাজৰিকাৰ মৃত্যুৰ দিনটো স্মৃতি দিৱস হিচাপে পালন কৰি আহিছে।

নিউ গুৱাহাটীত সুধাকণ্ঠৰ স্মৃতি দিৱস পালন
বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী অৰুণ কুমাৰ বড়াৰ পৰলোক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in