বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী অৰুণ কুমাৰ বড়াৰ পৰলোকপ্ৰাপ্তি

বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী অৰুণ কুমাৰ বড়াৰ পৰলোক

author-image
Asomiya Pratidin
New Update
বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী অৰুণ কুমাৰ বড়াৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ,ৰহা : নগাঁও জিলাৰ ৰহাৰ গছপৰাৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী অৰুণ কুমাৰ বড়াই দেওবাৰে বিয়লি গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। অসম আন্দোলনৰ পৰা জাতীয়তাবাদী ধাৰাৰে সমাজৰ হকে কাম কৰি যোৱা বিশিষ্ট শিক্ষাবিদগৰাকী কিছুদিনৰ পৰা বৃক্ক আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল।

Advertisment

আজি হঠাৎ শৰীৰ অৱনতি ঘটাত ততাতৈয়াকৈ গুৱাহাটিলৈ নিয়ে যদিও গুৱাহাটী হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। শিক্ষাবিদগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁই বিৰাজ কৰে।

Also Read: শিলঘাটত সুধাকণ্ঠৰ মৃত্যু দিৱস পালন : কুঠৰীৰ ঘৰটো সংৰক্ষণৰ বাবে নিয়ৰ হাজৰিকাৰ আহ্বান

raha