নিচামুক্তি কেন্দ্ৰত চাদেন ভিজিত মন্ত্ৰী পীযুষ হাজৰিকাৰ...

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে

author-image
Asomiya Pratidin
New Update
নিচামুক্তি কেন্দ্ৰত চাদেন ভিজিত মন্ত্ৰী পীযুষ হাজৰিকাৰ...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে । কেন্দ্ৰ কেইটা পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰকেইটাৰ আৱাসীৰ বাবে থকা সুবিধা অসুবিধাসমূহৰ বুজ লয় ।

Advertisment

মন্ত্ৰীগৰাকীয়ে ক্ৰমে মহানগৰীৰ দিছপুৰৰ জীৱনদান ৱেলনেচ ফাউণ্ডেশ্যন, বেলতলাৰ ৰিডেম্পচন ৱেলফেয়াৰ ফাউণ্ডেশ্যন আৰু খাৰঘুলিৰ ফেইথ ফাউণ্ডেশ্যনৰ অধীনত থকা নিচামুক্তি কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে ।

ইয়াৰে ফেইথ ফাউণ্ডেশ্যনৰ নিচামুক্তি কেন্দ্ৰটোত সৰু কোঠাতে জোখতকৈ বেছি আৱাসী থকা প্ৰত্যক্ষ কৰি মন্ত্ৰী হাজৰিকাই কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক ইয়াৰ বাবে কঠোৰ সকীয়নি প্ৰদান কৰে ।

কেন্দ্ৰটোত থকা অতিৰিক্ত আৰু বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল আৱাসীসকলক দুদিনৰ ভিতৰত চৰকাৰী ব্যৱস্থাত গঢ় লোৱা নিচামুক্তি কেন্দ্ৰলৈ স্থানান্তৰিত কৰিবলৈ মন্ত্ৰী হাজৰিকাই আজিৰ পৰিদৰ্শনকালত সংগ দিয়া সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালকক নিৰ্দেশ দিয়ে ।

আনহাতে গোটেইকেইটা কেন্দ্ৰতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু আৱাসীসকলৰ নিয়মীয়া স্বাস্থ্যপৰীক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ মন্ত্ৰীগৰাকীয়ে স্বত্বাধিকাৰীসকলক নিৰ্দেশ প্ৰদান কৰে ।

Also Read: ধেমাজিত আটক চাৰি ড্ৰাগছ আসক্ত...

#drugs addicts sudden visit piyush hazarika de-addiction center