ধেমাজিত আটক চাৰি ড্ৰাগছ আসক্ত...

ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা ৪ কিলোমিটাৰ নিলগৰ নপাম গাওঁত সোমবাৰে ৰাতিপুৱা ১০.৩০ মান বজাত চিৰিঞ্জিৰে ড্ৰাগছ ব্যৱহাৰ কৰি থকা অৱস্থাতে ৪ জন ড্ৰাগছ আসক্ত আৰু ব্যৱসায়ীক ৰাইজে বহু দূৰ খেদি খেদি ধৰিবলৈ সক্ষম হয়
ধেমাজিত আটক চাৰি ড্ৰাগছ আসক্ত...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা ৪ কিলোমিটাৰ নিলগৰ নপাম গাওঁত সোমবাৰে ৰাতিপুৱা ১০.৩০ মান বজাত চিৰিঞ্জিৰে ড্ৰাগছ ব্যৱহাৰ কৰি থকা অৱস্থাতে ৪ জন ড্ৰাগছ আসক্ত আৰু ব্যৱসায়ীক ৰাইজে বহু দূৰ খেদি খেদি ধৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ আসক্ত কেইজনক ধৰি ৰাইজে আৰক্ষীক গতাই দিয়ে ।

অৱশ্যে গ্ৰুপটোত কেইবাজনো আছিল যদিও ৪ জনকে ধৰিবলৈ সক্ষম হয় । বাকী কেইজনে ওচৰতে থকা চাহ গছ আৰু বাঁহনি বাৰীত সোমাই পলায়ন কৰে ৷ ইতিমধ্যে ৰাইজে কৰায়ত্ত কৰা মিন্টু বৰুৱা ,বিকাশ বৰগোহাঁই ,উৎপল বৰা আৰু কৃষ্ণ বৰুৱাক ধেমাজি সদৰ আৰক্ষী থানাত গতাই দিয়ে ৷

লোককেইজনৰ পৰা আৰক্ষীয়ে এক গ্ৰাম হিৰোৱেইন,৭.৫ গ্ৰাম টামাদল পাউদাৰ, আপত্তিজনক টেপলেট , দুটা মবাইল আৰু As -22B1367 নম্বৰৰ এখন মাৰুতী ইক গাড়ী জব্দ কৰে ৷

ধেমাজিত আটক চাৰি ড্ৰাগছ আসক্ত...
জাহাজৰ পৰা জব্দ ২৫,০০০ কোটি টকা মূল্যৰ ড্ৰাগছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in