ধুমুহা-বৰষুণঃ গীতানগৰত গাড়ীৰ ওপৰতে বাগৰিল গছ, তীব্ৰ যান-জঁট...

অগ্ৰণী খবৰ
অগ্ৰণী খবৰ
  • মহানগৰীৰ গীতানগৰত ধুমুহা-বৰষুণৰ তাণ্ডৱ।

  • গীতানগৰ পথত প্রকাণ্ড গছ বাগৰি পৰে বিদ্যুতৰ খুঁটাত।

  • এখন গাড়ীৰ ওপৰতে বাগৰি পৰে প্ৰকাণ্ড গছডাল।

  • মূল পথৰ ওপৰত গছডাল বাগৰি পৰাৰ ফলত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ।

  • যান-বাহন আৰক্ষীয়ে নিৰন্তৰভাৱে ৰাস্তাটো মুকলি কৰাৰ কামত ব্যস্ত হৈ আছে।

  • ঘটনাটোত কোনো লোক গুৰুতৰভাৱে হতাহত হোৱা নাই।

  • উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো ধুমুহাৰ ফলত কম বেছি পৰিমাণে ক্ষতিসাধন হৈছে।

  • গুৱাহাটী মহানগৰীৰ চানমাৰী, অনুৰাধা, বামুণীমৈদামত কৃত্ৰিম বানপানীৰো সৃষ্টি হোৱাৰ খবৰ আহিছে।

  • বতৰৰ প্ৰতি লক্ষ্য় ৰাখি জনতাক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে।

অগ্ৰণী খবৰ
এ পি এছ চিত এইবোৰ কি হৈ আছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in