মুখ্যমন্ত্ৰীৰ উদ্যোগত সন্ত্ৰাসমুক্ত হৈছে অসমঃ ৰাজ্যিক বিজেপিৰ সংবাদ মেল

৮৫৫জন তেজাল যুৱক-যুৱতীক গুলীয়াই হত্যা কৰি ছহিদ কৰা কংগ্ৰেছ দলৰ লগত লুৰীণজ্যোতি গগৈৰ হলি-গলি অমানৱীয়

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ উদ্যোগত সন্ত্ৰাসমুক্ত হৈছে অসমঃ ৰাজ্যিক বিজেপিৰ সংবাদ মেল

ডিজিটেল ডেস্কঃ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত দলটোৰ সংবাদ মেল। সংবাদ মেলখনত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰদ্বয় ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু লক্ষ্য কোঁৱৰে।

Advertisment

সংবাদ মেলখনত মুখপাত্ৰ শৰ্মাই কয় কংগ্ৰেছ দলে সৃষ্টি কৰা বহু আস্থাহীনতাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে সমাজৰ সৰ্বস্তৰত গঢ়ি তোলা গভীৰ আস্থাৰ পৰিৱেশৰ প্ৰতি আকৰ্ষিত হৈ বিচ্ছিন্নতাবাদী হৈ পৰা শ শ যুৱক-যুৱতী অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা ইতিবাচক কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰি এইসকল যুৱক-যুৱতীয়ে নিজকে মূল ধাৰাৰ লগত জড়িত কৰি তুলিছে বুলি মন্তব্য কৰে।

সংবাদ মেলখনত উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ একক প্ৰচেষ্টাত ডিমা হাচাও জিলাৰ আন এটি বিদ্ৰোহী সংগঠন ডি এন এল এয়েও সশস্ত্ৰ পন্থা পৰিত্যাগ কৰি ৰাষ্ট্ৰৰ মূল ধাৰাৰ লগত নিজকে চামিল কৰে। উল্লেখ্য যে ২৭ এপ্ৰিলৰ দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতেই তিনিওটা পক্ষই এক বুজাবুজিত উপনীত হৈ শান্তি চুক্তিত স্বাক্ষৰ কৰে।

আনহাতে সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত লক্ষ্য কোঁৱৰে কয় বিৰোধী ঐক্যৰ নামত কংগ্ৰেছ দলে আকৌ এবাৰ অসমৰ জনসাধাৰণক আভুৱা ভাৰিছে। এই ঐক্য ৰাজনৈতিকভাৱে অপ্ৰাসংগিক আৰু নীতিহীন বুলি কয়। লক্ষ্য কোঁৱৰৰ মতে লুৰীণজ্যোতি গগৈয়ে কেৱল ক্ষমতাৰ বাবে কংগ্ৰেছৰ বোকোচাত উঠাটো অসমৰ সমাজ জীৱনত এক লজ্জাজনক ঘটনা হিচাপে চিহ্নিত হ'ব।

অসম আন্দোলনৰ সময়ত ৮৫৫জন তেজাল যুৱক-যুৱতীক গুলীয়াই হত্যা কৰি ছহিদ কৰা কংগ্ৰেছ দলৰ লগত লুৰীণজ্যোতি গগৈৰ হলি-গলি অমানৱীয় বুলি মন্তব্য কৰে।

Also Read: অম্বিকাগিৰী নগৰৰ সেউজ সন্ধিয়াত স্মৰণিকা "সেউজী" উন্মোচন

assam state bjp