অম্বিকাগিৰী নগৰৰ সেউজ সন্ধিয়াত স্মৰণিকা "সেউজী" উন্মোচন

মাইনী মহন্তই কয় যে ৰঙালী বিহুৰে হওক বা দুৰ্গা পূজা আদিৰে হওক এনেবোৰ সাংস্কৃতিক অনুষ্ঠানত সাহিত্যৰ চৰ্চা হোৱাটো ইতিবাচক দিশ

author-image
Asomiya Pratidin
New Update
অম্বিকাগিৰী নগৰৰ সেউজ সন্ধিয়াত স্মৰণিকা "সেউজী" উন্মোচন

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ অম্বিকাগিৰী নগৰৰ অগ্ৰণী ক্ৰীড়া-সাংস্কৃতিক অনুষ্ঠান সেউজ সংঘ। শুকুৰবাৰৰ পৰা শনিবাৰলৈ দুদিনীয়া কাৰ্যসূচীৰে সেউজ সংঘৰ বাকৰিত অনুষ্ঠিত হৈছে ৩৫ সংখ্যক ৰঙালী বিহু ,সেউজ সন্ধিয়া।

Advertisment

অনুষ্ঠানৰ প্ৰথম দিনা শুকুৰবাৰে ৰাতিপুৱা পতাকা উত্তোলনৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে। ইয়াৰ পাছতে কাৰ্যক্ৰমণিকা অনুসৰি মহিলাসকলৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা,আবেলি আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাসমূহত অঞ্চলটিৰ ভালে সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

এইসমূহ কাৰ্যসূচীৰ মাজতে সন্ধিয়া ৭-৪৫ বজাত অন্যতম কাৰ্যসূচী সেউজ সংঘৰ স্মৰণিকা "সেউজী" উন্মোচনী সভা অনুষ্ঠিত হয়। স্মৰণিকাখনি উন্মোচন কৰে বিশিষ্ট লেখিকা তথা নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্তই।

উন্মোচনী সভাত ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈ,স্মৰণিকাখনিৰ সম্পাদক মৃদুল কুমাৰ সন্দিকৈ আদি উপস্থিত থাকে। স্মৰণিকাখনি উন্মোচন কৰি মাইনী মহন্তই কয় যে ৰঙালী বিহুৰে হওক বা দুৰ্গা পূজা আদিৰে হওক এনেবোৰ সাংস্কৃতিক অনুষ্ঠানত সাহিত্যৰ চৰ্চা হোৱাটো ইতিবাচক দিশ। লগতে তেওঁ "সেউজী"ৰ সম্পাদনা সমিতি,ৰঙালী বিহু উদযাপন সমিতি আৰু উপস্থিত ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে স্মৰণিকাখনৰ সম্পদনা মৃদুল কুমাৰ সন্দিকৈৰ। সম্পাদক সন্দিকৈয়ে স্মৰণিকাখন যিসকলৰ বৰণ্য ব্যক্তিৰ লেখনিৰ বাবে প্ৰকাশ কৰা সম্ভৱ হৈ উঠিল তেওঁলোকৰ লগতে "সেউজী"ৰ লগত জৰিত সমূহ কৰ্মকৰ্তাকে কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে প্ৰথম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয়া কণ্ঠশিল্পী ময়ূৰী দত্ত আৰু প্ৰাণদ্বীপ দাসে।

Also Read: দলবদ্ধ আক্ৰমণত প্ৰাণ গ'ল মহিলাৰ : পলাতক অৱস্থাত টেট শিক্ষকসহ ৫ অভিযুক্ত

Bohag Bihu