/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/uxhsvbn4/15a10f87-8722-46ab-beeb-17d7edf0e6c3.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, ভাষা-সাহিত্য- সংস্কৃতিৰ অন্যতম পথ প্ৰদৰ্শক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ গুৱাহাটী মহানগৰীৰ শান্তিপুৰ হিলচাইড (পূব) নামঘৰ প্ৰাংগনত শ্ৰীমন্ত শংকৰ কলা বিকাশ সমিতিৰ উদ্যোগত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। সোমবাৰে বিয়লি ৪ বজাত জন্মোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমেশ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতাই অংশগ্ৰহণ কৰে
তেঁও কয়- "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন -ঘোষাৰ প্ৰথম সম্পাদক শ্ৰীশ্ৰীমাধৱদেৱ আৰু প্ৰথম সংকলক ৰামচৰণ ঠাকুৰ। ১৮৭৬ খ্ৰীষ্টাব্দত হৰিবিলাস আগৰৱালাই পোনপ্ৰথমে কীৰ্তন -ঘোষা ছপা কৰে। পোনপ্ৰথমে কীৰ্তন -ঘোষা সাঁচিপাতত লিপিবদ্ধ আছিল। কীৰ্তন -ঘোষাৰ ৩১ টা খণ্ড একেঠাইতে ৰচনা কৰা হোৱা নাছিল।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/r2fc3uk1/428d4623-786c-4725-a653-9c47cf29e462.jpg)
সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে দীপক শৰ্মাই অংশগ্ৰহণ কৰি কয়- "মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ বিশ্বৰ শ্ৰেষ্ঠ এজন সাহিত্যিক, নাট্যকাৰ। বহু ন'বেল বঁটা প্ৰাপক সাহিত্যিকতকৈও তেওঁৰ উচ্চ খাপৰ সৃষ্টিৰাজি । কিন্তু আজিলৈকে এইজনা মহান পুৰুষক আজিলৈকে সাৱলীলভাৱে আৰু যথোচিত ধৰণৰে উপস্থাপন কৰিব পৰা নাই।"
অধিবক্তা তথাসমাজসেৱী দীপক কুমাৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত দ্বিজেন্দ্ৰ লাল দাস, হেমেন্দ্ৰ বৈশ্যইও বক্তব্য দাঙি ধৰে। সন্ধিয়া ৭:৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰে প্ৰথিতযশা ভায়োলিন বাদক ড০ সত্যেন্দ্ৰ কুমাৰ চৌধুৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/rtyuicrf/ba40a860-0be7-431f-b708-f3011eae581f.jpg)
১২ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গুৰুজনাৰ জন্ম মহোৎসৱৰ প্ৰথম দিনা পুৱা ৮ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰমেশ চন্দ্ৰ মহন্তই। ইয়াৰ পিছত ছাত্ৰ -ছাত্ৰীৰ মাজত খেল ধেমালি, চিত্ৰাংকণ, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/01n7tkfh/15a10f87-8722-46ab-beeb-17d7edf0e6c3.jpg)
সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ধৰ্মপ্ৰাণ মহিলা অৰ্চনা চৌধুৰীয়ে। ভাগৱত স্থাপন কৰে ৰাজ্য চৰকাৰৰ শিল্পী -সাহিত্যিক পেন্সনাৰ গজেন্দ্ৰ নাথ পাঠকে। ১৩ অক্টোবৰৰ পুৱা প্ৰভাত বন্দনা, ঊষা কীৰ্তনৰ পিছতে নগৰ কীৰ্তন বিয়লি কুইজ, ভেশচন, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, নিশা বিভিন্ন শিল্পীৰ দ্বাৰা গীত, নৃত্য পৰিবেশন কৰা হয়।
Also Read: মাইবেলাত দুৰ্ঘটনা : কথমপি প্ৰাণ ৰক্ষা ৩জনৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us