মাইবেলাত দুৰ্ঘটনা : কথমপি প্ৰাণ ৰক্ষা ৩জনৰ

মাইবেলাত দুৰ্ঘটনা : কথমপি প্ৰাণ ৰক্ষা ৩জনৰ

author-image
Asomiya Pratidin
New Update
মাইবেলাত দুৰ্ঘটনা : কথমপি প্ৰাণ ৰক্ষা ৩জনৰ

ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ জিলাৰ মাইবেলাত সোমবাৰে বিয়লি সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৩গৰাকী লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

Advertisment

উল্লেখযোগ্য যে মাইবেলাৰ চফ্ৰাই নৈৰ সমীপত সদৰ পথ ধোদৰ আলিত থকা এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই AR-18- 9777 নম্বৰৰ এখন ফৰচুনাৰ বাহন পথটোৰ দাঁতিত থকা দ খাৱৈত সোমাই পৰে। নগালেণ্ডৰ ডিমাপুৰৰ পৰা সোণাৰি অভিমুখে আহি থকা বাহনখনৰ তিনি আৰোহী ঘটনাটোত সৌভাগ্যক্ৰমে ৰক্ষা পৰে।

Also Read: অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে সৰৱ মনোজ ধানোৱাৰ

charaideo