"ৰাঘৱ" প্ৰচাৰত ব্যস্ত যতীন-নিশিতা

"ৰাঘৱ" প্ৰচাৰত ব্যস্ত যতীন-নিশিতা

ডিজিটেল সংবাদ,‌ মঙলদৈঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত "ৰাঘৱ" ছবিৰ প্ৰচাৰৰ বাবে নামি পৰিছে ছবিখনৰ লগত জড়িত শিল্পীসকল। মঙলদৈ মহাবিদ্যালয়ত যতীন বৰা নিশিতা গোস্বামীসহ বহু কেইগৰাকী কলা-কুশলী উপস্থিত হৈ ৰাঘৱ ছবিৰ প্ৰচাৰ কৰে। ছবিখন চাবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰাইজক আহ্বান জনাই শিল্পীসকলে। ভাষণ প্ৰসংগত যতীন বৰা আৰু নিশিতা গোস্বামীৰ প্ৰেম মঙলদৈ মহাবিদ্যালয়তে আৰম্ভ হৈছিল বুলি কয় যতীন বৰাই।

মঙলদৈ মহাবিদ্যালয়ত চুটিং হোৱা "শেষ উপহাৰ" নামৰ চিনেমাখনত যতীন বৰাই নিশিতা গোস্বামীক লগ পাইছিল আৰু তাতেই প্ৰেমৰ সম্পৰ্ক গঢ়ি শেষত বিবাহ পাশত আবদ্ধ হয় বুলি কৈ ছবিখনৰ আভাস দিবলৈ চেষ্টা কৰে। উল্লেখ্য যে, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ছবিখনৰ এটি গীতৰ কলিত নৃত্য কৰি যতীন-নিশিতাই মোহিত কৰে উপস্থিতসকলক।

"ৰাঘৱ" প্ৰচাৰত ব্যস্ত যতীন-নিশিতা
ঢকুৱাখনালৈ অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in