কামৰূপ জিলা কৃষি বিভাগৰ অধীনত বিশেষ কাৰিকৰী প্ৰশিক্ষণ

কামৰূপ জিলা কৃষি বিভাগৰ অধীনত বিশেষ কাৰিকৰী প্ৰশিক্ষণ

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলা কৃষি বিভাগৰ অধীনত বিশেষ কাৰিকৰী প্ৰশিক্ষণ

ডিজিটেল সংবাদ, কামৰূপঃ কামৰূপ জিলা কৃষি বিভাগৰ অধীনত আৰু এপাৰ্টৰ উদ্যোগত আৰু ICAR-IIMRৰ সহযোগত সোমবাৰে বৈজ্ঞানিকভাৱে মাকৈ খেতি কৰা পদ্ধতি সন্দৰ্ভত বিশেষ কাৰিকৰী প্ৰশিক্ষণৰ আয়োজন কৰা হয়। আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত জিলা খনৰ প্ৰায় ৩০ গৰাকী প্ৰগতিশীল কৃষকৰ উপস্থিতিত অনুষ্ঠিত প্ৰশিক্ষণত কৃষকসকলক মাকৈ খেতি কৰি কেনেদৰে স্বাৱলম্বী হ'ব পাৰে উক্ত বিষয়ত বিশেষভাৱে সজাগতা সৃষ্টি কৰা হয়।

Advertisment

অনুষ্ঠানত কৃষকসকলক মাকৈ খেতি কৰিবলৈ কেনেদৰে মাটি দৰা প্ৰস্তুত কৰিব লাগে, খেতি কৰাৰ বাবে গুণগত মানদণ্ডৰ বীজৰ ব্যৱহাৰ আৰু বীজ সোধন প্ৰক্ৰিয়া, বীজ সিচাঁৰ নিয়ম, দুজোপা গছৰ মাজৰ দূৰত্ব কেনেধৰণৰ হোৱাটো প্ৰয়োজন, সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ আদি বিভিন্ন বিষয়ত কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱা হয়।

ইয়াৰ উপৰিও মাকৈ খেতিৰ চাহিদা আৰু বজাৰ সন্দৰ্ভত কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে কৃষকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিয়া হয়। সোমবাৰৰ অনুষ্ঠানত সমল ব্যক্তি হিচাপে কামৰূপ আৰু নলবাৰীৰ গৱেষণা সহযোগী(মাকৈ) ক্ৰমে বিশাল আহলাৱত আৰু শ্যামলী মহাজন, কামৰূপ জিলা কৃষি বিভাগৰ তৰফৰ পৰা মহকুমা কৃষি বিষয়া মানস প্ৰতিম মহন্ত, ব্যৱসায় সমন্বয়ক দিৱাকৰ মহুদিৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

Also Read: প্ৰৱঞ্চনাৰ জালত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী : এটিএমৰ পৰা লুটিলে ২০ হাজাৰ টকা

agriculture department