প্ৰৱঞ্চনাৰ জালত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী : এটিএমৰ পৰা লুটিলে ২০ হাজাৰ টকা

প্ৰৱঞ্চনাৰ জালত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী : এটিএমৰ পৰা লুটিলে ২০ হাজাৰ টকা

author-image
Asomiya Pratidin
New Update
প্ৰৱঞ্চনাৰ জালত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী : এটিএমৰ পৰা লুটিলে ২০ হাজাৰ টকা

ডিজিটেল সংবাদ, দৌলাশাল: নলবাৰী জিলাৰ মুকালমুৱাত প্ৰবঞ্চকে  ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী গ্ৰাহকৰ পৰা ধন লুট কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সোমবাৰে দিনৰ ভাগত মুকালমুৱাস্থিত ভাৰতীয় ষ্টেট বেংকৰ লগত সংলগ্ন ষ্টেট বেংকৰ এটিএম সেৱালৈ টকা উলিয়াবলৈ আহি প্ৰবঞ্চকৰ জালত পৰে অসম চৰকাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী৷

Advertisment

মুকালমুৱাৰ নাৰায়নপুৰ গাঁৱৰ বাসিন্দা তথা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰেকাত আলীয়ে প্ৰবঞ্চকৰ জালত পৰি সাঁচতীয়া ধন হেৰুৱাবলগীয়া হৈছে ৷ জানিব পৰা অনুসৰি, ৰেকাত আলীয়ে এটিএম সেৱালৈ আহি নিজেই কিছু টকা উলিয়ায় আৰু একাউন্টৰ ষ্টেটমেন জানিবলৈ এটিএম গৃহৰ ভিতৰত পূৰ্বৰে পৰা ৰৈ থকা যুৱক এজনক দেখুৱাই দিবলৈ কয়৷ প্ৰবঞ্চকৰূপী যুৱকজনে সেই সুযোগ গ্ৰহণ কৰিয়ে লোকজনৰ একাউন্টৰ ষ্টেটমেন উলিয়াই দি মুহূৰ্ততে লোকজনৰ এটিএম কাৰ্ডখন সলনি কৰি দিয়ে৷

আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গৰাকীয়ে গৃহলৈ গৈ এটিএম কাৰ্ডখন সলনি হোৱাৰ কথা জানিব পাৰে। লগে লগে লোকজনে এটিএম সেৱালৈ আহি যুৱকজনক বিচাৰ খোচাৰ কৰে যদিও যুৱকজনক বিচাৰি নেপায় ভাৰতীয় ষ্টেট বেংক মুকালমুৱা শাখাৰ প্ৰবন্ধক গৰাকীৰ ওচৰলৈ যায় ৷

পৰৱৰ্তী সময়ত লোকজনৰ একাউন্টৰ পৰা ধন হৰলুকিৰ কথা পোহৰলৈ আহে৷ ইতিমধ্যে প্ৰবঞ্চকৰূপী যুৱকজনে মুকালমুৱাৰ ভাৰতীয় ষ্টেট বেংকৰ এটিএমটোৰ পৰা লোকজনৰ এটিএমৰে ২০ হাজাৰ টকা লৈ উধাও হয় ৷ ভুক্তভোগী লোকগৰাকী ইতিমধ্যে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে প্ৰবঞ্চকগৰাকীক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ 

Also Read: মণিপুৰৰ জ্বলি শেষ হোৱা জুইৰ উত্তাপে দহিছে মোডীক !

state bank of india