পৰিবেশ আৰু স্বাস্থ্য সম্পৰ্কত গুৱাহাটী প্ৰেছ ক্লাৱত বিশেষ সভাৰ আহ্বান...

২ অক্টোবৰৰ দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব এই সভা
পৰিবেশ আৰু স্বাস্থ্য সম্পৰ্কত গুৱাহাটী প্ৰেছ ক্লাৱত বিশেষ সভাৰ আহ্বান...
পৰিবেশ আৰু স্বাস্থ্য সম্পৰ্কত গুৱাহাটী প্ৰেছ ক্লাৱত বিশেষ সভাৰ আহ্বান...
Published on
Updated on

ডিজিটেল ডেস্কঃ গোলকীয় উত্তাপ, পৰিবেশ প্ৰদূষণে সৃষ্টি কৰা জটিল পৰিস্থিতিয়ে পৰিৱেশৰ সমান্তৰালকৈ জনস্বাস্থ্যলৈ ভৱাবহ বিপদ মাতি আনিছে। এনে পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই সংক্ৰান্তিয় আলোচনাৰ বাবে অহা ২ অক্টোবৰ, বুধবাৰে দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত এক বিশেষ সভাৰ আহ্বান কৰা হৈছে।

আহ্বায়ক প্ৰফুল্ল চন্দ্ৰ শৰ্মা, ৰঞ্জন কুমাৰ ডেকা আৰু পাৰ্থ বেনাৰ্জীয়ে প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এই সন্দৰ্ভত কয়, বৰ্তমান গোটেই পৃথিৱীৰ মানুুহে গোলকীয় উত্তাপত দহন হ'ব ধৰিছে। পৰিৱেশ প্ৰদূষণ দিনক দিনে বাঢ়ি গৈ আছে আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি দিনে দিনে বাঢ়ি গৈ আছে। প্লাষ্টিকৰ অবাধ ব্যৱহাৰ, শাক-পাচলি, মাছ আদিত অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ জনস্বাস্থ্যৰ প্ৰতি দিনক দিনে ভাবুকি বৃদ্ধি কৰিছে।

এনে স্পৰ্শকাতৰ বিষয়ত আমি বিজ্ঞানসন্মত জনস্বাস্থ্যৰ হকে স্থিতিৰ প্ৰয়োজন বুলি অনুভৱ কৰিছো। জনমত সৃষ্টিৰে প্ৰয়োজন সাপেক্ষে দেশৰ নীতি নিৰ্ধাৰণ জনস্বাস্থ্যৰ অনুকূল নীতি ল'বলৈ চাপ সৃষ্টি কৰিব লাগিব।

এই বিষয়সমূহ আলোচনা কৰাৰ অৰ্থে আমাৰ জাতীয় জীৱনৰ বিশেষ দিন ২ অক্টোবৰ, ২০২৪ দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সভা আহ্বান কৰা হৈছে। ইয়াৰোপৰি তেওঁলোকে এই বিজ্ঞপ্তিৰ জৰিয়তে অনুষ্ঠানত সকলোৰে সহযোগিতা আশা কৰিছে। এই সভাৰ জৰিয়তেই এই জটিল পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ভৱিষ্যত কাৰ্যপন্থাৰ বাবে বিভিন্নজনৰ সুপৰামৰ্শও কামনা কৰিছে।

পৰিবেশ আৰু স্বাস্থ্য সম্পৰ্কত গুৱাহাটী প্ৰেছ ক্লাৱত বিশেষ সভাৰ আহ্বান...
গুৰু দুজনাৰ ভক্তি ৰসত জীপাল মথুৰাৰ আকাশ-বতাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in