দলবদ্ধ আক্ৰমণত প্ৰাণ গ'ল মহিলাৰ : পলাতক অৱস্থাত টেট শিক্ষকসহ ৫ অভিযুক্ত

সংকটজনক অৱস্থাত মহিলাগৰাকীক গোৱালপাৰালৈ নিয়া অৱস্থাতে মৃত্যু মুখত পৰে

author-image
Asomiya Pratidin
New Update
দলবদ্ধ আক্ৰমণত প্ৰাণ গ'ল মহিলাৰ : পলাতক অৱস্থাত টেট শিক্ষকসহ ৫ অভিযুক্ত

ডিজিটেল সংবাদ,মানকাচৰঃ টেট শিক্ষকসহ ৫ লোকৰ আক্ৰমণত মহিলাৰ মৃত্যু । এই ঘটনা সংঘটিত হৈছে মানকাচৰত। জানিব পৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত বোৱালীয়া গাঁৱৰ মজুম আলী সেখৰ কন্যা আজমিনা খাতুনক গাঁৱখনৰে আতাৰুল ইছলাম নামৰ টেট শিক্ষকসহ ৫গৰাকীলোকে প্ৰহাৰ কৰে।

Advertisment

মূৰত লাঠিৰে আক্ৰমণ কৰাৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনাৰ পাচতেই শিক্ষক আতাৰুল ইছলামসহ ৫ অভিযুক্তই পলায়ন কৰে। লগে লগে পৰিয়ালৰলোকে মহিলাগৰাকীক গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই। কিন্তু মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱা বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক গোৱালপাৰালৈ প্ৰেৰণ কৰে।

সংকটজনক অৱস্থাত মহিলাগৰাকীক গোৱালপাৰালৈ নিয়া অৱস্থাতে মৃত্যু মুখত পৰে। ঘটনাক লৈ ভুক্তভোগী আজমিনা খাতুনৰ ভাতৃ আকিদুল ইছলামে মানকাচৰ থানাত এজাহাৰ দাখিল কৰে। শুক্ৰবাৰে পুৱা প্ৰায় ৯ বজাত মানকাচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই থকা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে চাৰিদিন পূৰ্বে মহিলাগৰাকীৰ এটি ১৭ বছৰীয়া নাবালক পুত্ৰক টেট শিক্ষক আতাৰুল ইছলামৰ ভাতৃ এজনে দিন হাজিৰা কৰিবলৈ মেঘালয়লৈ লৈ গৈছিল। নাবালক পুত্ৰক কামৰ পৰা উভতাই অনাৰ বাবে মহিলাগৰাকীয়ে টেট শিক্ষক জনক দাবী জনাইছিল। এই সামান্য কথাতেই টেট শিক্ষক আৰু তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয়।

মহিলাগৰাকী পিতৃ গৃহত আশ্ৰয় লৈ থকা অৱস্থাত টেট শিক্ষকসহ ৫জনীয়া দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ৰড আৰু কাঠৰ টুকুৰাৰে মহিলাগৰাকীৰ মূৰত আঘাত কৰে। ফলত মহিলাগৰাকীয়ে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ গৈ থকা অৱস্থাতে অকাল মৃত্যুক আকোৱালি লয়।

মন কৰিবলগীয়া যে ২১২৯ নং বোৱালীয়া এল পি স্কুলত কৰ্মৰত টেট শিক্ষক আতাৰুল ইছলাম, তেওঁৰ ভাতৃ আখিৰুল ইছলাম, আখিৰুল ইছলামৰ পত্নী লিপি ছুলতানা, আব্দুল আজাদ আৰু মফিদুল ইছলামৰ বিৰুদ্ধে হত্যাকাণ্ডটোৰ লগত জড়িতৰ অভিযোগ উত্থাপন হৈছে। এই ৫ অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। বৰ্তমানে এই ৫ অভিযুক্ত পলাতক অৱস্থাত থকা বুলি মানকাচৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

Also Read: আগন্তুক বাৰিষাৰ বাবে স্পৰ্শকাতৰ হৈ আছে ১০৮টা স্থানঃ ২৬ মথাউৰিৰ ৪১ ছিগা অংশ শীঘ্ৰেই নিৰ্মাণৰ প্ৰয়োজনঃ মন্ত্ৰী পীযুষ

Assam police crime