/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/61492c5d-f39a-402f-b865-7699ba269dcc/song.jpg)
গীত মুকলি
ডিজিটেল ডেস্কঃ বিহুৰ প্ৰাকক্ষণত মুক্তি লাভ কৰিলে "গড়গাঁৱত নাই ৰাজৰাণী/কি ক’ম দুখৰ কাহিনী" শীৰ্ষক গীতটিয়ে ৷ গতানুগতিকতাৰ বিপৰীতে সুন্দৰ শব্দ চয়নেৰে ভাবগধুৰ গীত লিকি অহা জ্যেষ্ঠ সাংবাদিক-গীতিকাৰ মানসী বায়নে লিখা গীতটিত কন্ঠদান কৰিছে দুগৰাকী জনপ্ৰিয় কন্ঠশিল্পী সংগীতা বৰঠাকুৰ আৰু সীমান্ত শেখৰে ৷
গীতটিৰ সুৰ দিগন্ত দিগন্ত ভাৰতীৰ আৰু সংগীত, লয় আৰু কথাংশ বিহুসুৰীয়া গীতসমূহৰ বিপৰীতে গড়গাঁৱত নাই ৰাজৰাণী... গীতটিত ইতিহাসৰ জেৰ টানি গীতিকাৰে অৰ্থৱহ শব্দৰে বিহুৰ বতৰত প্ৰেমিকযুগলৰ মধুৰ মূহুূৰ্তৰ কথা বৰ্ণনা কৰিছে ৷ মিঠা সুৰেৰে সজোৱা গীতটিক প্ৰাণৱন্ত কৰিছে দুই কন্ঠশিল্পীয়ে ৷
উল্লেখ্য যে বিহুসুৰীয়া এই গীতটিৰ আকৰ্ষণীয় ভিডিঅ’ প্ৰস্তুত কৰা হৈছে ৷ অভিনয় কৰিছে জনপ্ৰিয় শিল্পী ৰাজীৱ গোস্বামীৰ লগতে পাৰ্থ দত্ত, মৌমন আৰু প্ৰিয়ংকা চৌধুৰীয়ে ৷ সা মা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ভিডিঅ’টো কৰিঅ’গ্ৰাফ কৰিছে বিমল বৰাই ৷
দৃশ্যগ্ৰহণ জয়দীপ পলৰ, মেকআপ বিনীতাৰ ৷ গীতটি ইউ টিউৱত উপলবদ্ধ ৷ Gorgaot nai rajranee বুলি বিচাৰিলে দৰ্শককে গীতটি শুনিবলৈ পাব ৷ গীতটিয়ে দৰ্শকৰ মন মুহিবলৈ সক্ষম হ’ব বুলি আশাবাদী গীতটোৰ লগত জড়িত প্ৰতি কলা-কুশলী ৷
Also Read: নুমলীগড়ত নৃশংস হত্যাকাণ্ড...