নুমলীগড়ত নৃশংস হত্যাকাণ্ড...

সমাজত ক্ৰমাৎ খহিবলৈ ধৰিছে সম্পৰ্কৰ বান্ধোন । আপোন পৰ কথা নাই সকলোৰে মাজত নাইকীয়া হ’ব ধৰিছে চেনেহ । নুমলীগড়ত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড
 নুমলীগড়ত নৃশংস হত্যাকাণ্ড...

ডিজিটেল সংবাদ, নুমলীগড়: সমাজত ক্ৰমাৎ খহিবলৈ ধৰিছে সম্পৰ্কৰ বান্ধোন । আপোন পৰ কথা নাই সকলোৰে মাজত নাইকীয়া হ’ব ধৰিছে চেনেহ । নুমলীগড়ত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ।

বৰ্বৰ স্বামীয়ে নিৰ্দয়কৈ হত্যা কৰিলে পত্নীক । পতা গুটিৰে বুকু-পেটত মৰিয়াই মৰিয়াই হত্যা কৰিলে সহধৰ্মিনীক । পাৰিবাৰিক কন্দলৰ ফলশ্ৰুতিতেই এনে ঘটনা ঘটনা হোৱাৰ সন্দেহ । শ্যামৰাইপুৰৰ বৰচালি গাঁৱত সংঘটিত হৈছে এনে নৃসংস ঘটনা ।

লুকাছ বেচৰা নামৰ ব্যক্তিয়ে নিজ পত্নীক এনেদৰে জঘন্যভাৱে হত্যা কৰা বুলি সন্দেহ প্ৰাকশ কৰিছে ৰাইজে । ইতিমধ্যে অভিযুক্ত স্বামী লুকাছক বগীজান আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে। একেদৰে মৃত সমাইৰা বেচৰাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

 নুমলীগড়ত নৃশংস হত্যাকাণ্ড...
এনকাউন্টাৰ! গেংষ্টাৰ আতিকৰ পুত্ৰৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in