/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ec1a528f-fea7-438f-ae81-3aad0076844c/22.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ সাম্প্ৰতিক কালত আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ লগে লগে বৃত্তিমুখী প্ৰশিক্ষণ আৰু দক্ষতা আহৰণৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই আহিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত অন্যান্য দক্ষতাৰ লগতে চফ্ট স্কিলৰ প্ৰশিক্ষণত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। পোন প্ৰথমবাৰৰ বাবে অসমত ছাত্ৰ ছাত্ৰীসকলক চফ্ট স্কিলৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে এইচ মিৰাকল মাইণ্ডছ নামৰ এক প্ৰতিষ্ঠান স্থাপন কৰা হৈছে।
মঙ্গলবাৰে গুৱাহাটীৰ চান্দমাৰীত থকা এইচ ইন্সটিটিউটৰ সভাকক্ষত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত "এইচ মিৰাকল মাইণ্ডচ" শীৰ্ষক প্ৰতিষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানতে প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰা 'কেম্পাছ টু কৰ্প'ৰেট' শীৰ্ষক প্ৰাৰম্ভিক পাঠ্যক্ৰমৰ বিষয়ে ঘোষণা কৰি এই পাঠ্যক্ৰমৰ সবিশেষ বাখ্যা কৰে প্ৰতিষ্ঠানটোৰ নেতৃত্বত থকা দিৱস ফুকন আৰু দিব্যজ্যোতি শৰ্মাই।
অনুষ্ঠানত উপস্থিত থকা অসমৰ বিশিষ্ট শিক্ষাবিদ তথা আছাম ইন্সটিটিউট অৱ মেনেজমেন্টৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তিকাম হাজৰিকাই বৰ্তমানৰ চাকৰিৰ বজাৰত বিদ্যায়তনিক অৰ্হতাৰ লগতে চফ্ট স্কিলৰ অপৰিহাৰ্যতাৰ বিষয়ে বিস্তাৰিত ভাৱে কয়। আন এজন বক্তা অসম আভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ প্ৰাক্তন অধ্যাপক কমল কটকীয়ে নৱ প্ৰজন্মৰ বিদ্যায়তনিক অৰ্হতাৰ লগতে চফ্ট স্কিল আহৰণ কৰাৰ ওপৰত সমানে গুৰুত্ব দিবলৈ আহ্বান জনায়।
অনুষ্ঠানত অংশগ্ৰহণ কৰি দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাইও চফ্ট স্কিলৰ প্ৰয়োজনীয়তা বাখ্যা কৰি ছাত্ৰসমাজক এইচ মিৰাকল মাইণ্ডচ-এ আৰম্ভ কৰা এই প্ৰশিক্ষণত যোগদান কৰি নিশ্চিত নিয়োগৰ দিশটো সুনিশ্চিত কৰাৰ বাবে আহ্বান জনায়।
আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ভূতপু্ৰ্ব মূৰব্বী অধ্যাপক আৰু বিশিষ্ট অনুবাদক সুৰজিত বৰুৱাই সভাখনত সভাপতিত্ব কৰি দিয়া ভাষণত এইচ মিৰাকল মাইণ্ডছৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি ছাত্ৰসমাজক এই পাঠ্যক্ৰমৰ সুযোগ গ্ৰহণ কৰি কৰ্পোৰেট খণ্ডৰ চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায়।
উল্লেখনীয় যে, মহানগৰীৰ চান্দমাৰী থানাৰ সমীপৰ এইচ ইন্সটিটিউট প্ৰাংগনত "এইচ মিৰাকল মাইণ্ডচ"ৰ পাঠ্যক্ৰম সমূহ আৰম্ভ হ'ব। প্ৰাৰম্ভিকতে "কেম্পাছ টু কৰ্প'ৰেট" শীৰ্ষক এক দুমহীয়া পাঠ্যক্ৰম অহা ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিব প্ৰতিষ্ঠানটোৱে।
Also Read: ICC য়ে ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেট দল...