ICC য়ে ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেট দল...

ICC য়ে ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেট দল...

ডিজিটেল ডেস্কঃ আইচিচিয়ে ঘোষণা কৰিলে ২০২৩ চনৰ ''সৰ্বশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেট দল''ৰ। অধিনায়ক ৰোহিত শৰ্মাসহ আইচিচিৰ বৰ্ষশ্রেষ্ঠ এদিনীয়া দলত স্থান লাভ ৬ জনকৈ ভাৰতীয় খেলুৱৈৰ।

দলটোত স্থান পোৱা ভাৰতীয় খেলুৱৈসকল- ৰোহিত শৰ্মা, বিৰাট কোহলি, শুভমন গীল, মহম্মদ ছিৰাজ, মহম্মদ ছামী আৰু কুলদ্বীপ যাদৱ। লগতে আন খেলুৱৈসকল হৈছে অষ্ট্ৰেলিয়াৰ ট্রেভিচ হেড, আদাম জাম্পা, দক্ষিণ আফ্ৰিকাৰ স্থান লাভ কৰা খেলুৱৈ- হেনৰিক ক্লাছেন, মাৰ্ক’ জেনচেন আৰু নিউজিলেণ্ডৰ ডাৰেল মিচেল । এই আটাইকেইজনৰে প্ৰদৰ্শন দুৰ্দান্ত আছিল।

অষ্ট্ৰেলিয়াক বিশ্ব জয়ৰ সোৱাদ দিয়া অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰঅধিনায়ক পেট কামিন্সে প্লেয়িং-১১ত স্থান লাভ নকৰিলে। কিয়নো যোৱা বৰ্ষত তেওঁ বেছি এদিনীয়া ক্ৰিকেট খেলা নাই। তদুপৰি তেওঁৰ প্ৰদৰ্শনো যথেষ্ঠ ভাল নাছিল।

ICC য়ে ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেট দল...
জামুগুৰিহাটৰ জয়সিদ্ধিৰ নগদাত বাথৌ মহাসভাৰ নৱম বাৰ্ষিক অধিবেশন আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in