উদুলি-মুদুলি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ

উদুলি-মুদুলি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ

ডিজিটেল ডেস্কঃ ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত ধৰ্ম- সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনখন ৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। 

উল্লেখযোগ্য যে, ৰঙিয়াৰ সমীপৰ মৰাণজানা-ভইৰাৰ হাতীখোলাৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত অধিৱেশনখনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।অধিৱেশনৰ বাবে ক্ষিপ্ৰগতিত চলিছে প্ৰস্তুতি পৰ্ব। প্ৰায় ৭০ শতাংশ মূল মণ্ডপৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে । লগতে চলিছে ধ্বজাহৰোহন বেদী , গ্ৰন্থমেলা আৰু বাণিজ্যমেলা স্থলীৰ নিৰ্মাণ কাৰ্য। অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিদিনাই হাজাৰ হাজাৰ আই বাপৰ লগতে স্থানীয় লোক তথা জাতি-ধৰ্ম নিৰ্বিশেষে শ্ৰম দান কৰা দেখা গৈছে অধিৱেশনস্থলীত।

উদুলি-মুদুলি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ
কাছাৰত হেৰ'ইন আৰু মেথাম ফেটামাইন জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in