কাছাৰত হেৰ'ইন আৰু মেথাম ফেটামাইন জব্দ

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত। সোমবাৰে নিশা ধলাই সমষ্টিৰ লোকনাথপুৰত অভিযান চলাই আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
কাছাৰত হেৰ'ইন আৰু মেথাম ফেটামাইন জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত। সোমবাৰে নিশা ধলাই সমষ্টিৰ লোকনাথপুৰত অভিযান চলাই আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা হেৰ'ইন ভৰ্তি ৫০টা চাবোনৰ বাকচ জব্দ কৰা হয়। বাকচ কেইটাৰ পৰা মুঠ ১.৫৩১ কেজি হেৰ'ইন জব্দ কৰা হয়। লগতে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ৪৬০গ্ৰাম মেথাম ফেটামাইন জব্দ কৰে আৰক্ষীয়ে।

Advertisment

জব্দ কৰা হেৰ''ইন আৰু মেথাম ফেটামাইন খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। জব্দকৃত এই ড্ৰাগছ খিনিৰ মুল্য কেবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। বৰ্তমান ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক ধলাই থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: প্ৰচুৰ সম্ভাৱণাময় ৰেচম শিল্পৰ নামত চলি আছে ল'ৰা ধেমালি

drugs peddler methamphetamine HEROIN kachar