গুৱাহাটীৰ জ্যোতিনগৰত চুটিগল্প সন্মিলন...

গুৱাহাটীৰ জ্যোতিনগৰত চুটিগল্প সন্মিলন সম্পন্ন :: "প্ৰভাতী পখীৰ কলৰৱ" উন্মোচন ॥ সময়ৰ গতিধাৰাত সাহিত্যৰ অনন্য পৰিবৰ্তন ঘটিছে : দেবেন্দ্ৰনাথ বসুমতাৰী ॥ সমাজৰ কলুষতাবোৰ গল্পৰে লিখি জনমত গঢ়িব লাগে : দুৰ্গা খাটিৱড়া

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ জ্যোতিনগৰত  চুটিগল্প সন্মিলন...

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে ৰাজ্যখনৰ অন্যতম অগ্ৰণী প্ৰকাশন অনুষ্ঠান "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ "জ্যোতিনগৰ সাহিত্য সভাৰ ভৱন" প্ৰাঙ্গণত পুৱা ১০-৪৫ বজাৰ পৰা এখনি চুটিগল্প সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনত বহু লোকে অংশ গ্ৰহণ কৰে ।

Advertisment

নৱনীতা গোস্বামীৰ মংগলাচৰণেৰে শুভাৰম্ভ কৰা সন্মিলনখনি উদ্ধোধন কৰে দূৰদৰ্শন আৰু আকাশবাণীৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰনাথ বসুমতাৰী। তেওঁ কয় যে, "সাহিত্যৰ অনন্য পৰিৱৰ্তন ঘটিছে । চুটিগল্প কাৰ সকলে এটি সৰু বিষয় সাৱলীল ভাৱে প্ৰকাশ কৰি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। বৰ্তমানৰ যান্ত্ৰিক যুগৰ ধামখুমিয়াত আহি খোঁজ দিছো । কিন্তু সাহিত্যৰ ভৰাল টনকিয়াল কৰিবৰ বাবে ন- প্ৰজন্মক প্ৰভাৱান্বিত কৰিবৰ বাবে নতুন আংগিকৰ চুটিগল্পৰকে ধৰি অইন সাহিত্য সৃষ্টি কৰিব লাগে ।"

দীপক শৰ্মা সম্পাদিত "প্ৰভাতী পখীৰ কলৰৱ" চুটিগল্পৰ সংকলনখনি উন্মোচন কৰি নেপালী সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক দুৰ্গা খাটিৱড়াই কয়- "সমাজত দেখা পাই থকা, ঘটি থকা কলুষতা, অন্ধবিশ্বাস, কুসংস্কাৰবোৰ চুটিগল্পৰ মাধ্যমেৰে লিখি জনমত গঠন কৰিব লাগে । বাতৰি কাকত, আলোচনীবোৰেও অগ্ৰাধিকাৰ দিব লাগে । চৰকাৰেও সাহিত্যিকসকলক যথাস্থানত কাম কৰাৰ উৎসাহ- উদ্দীপনা, প্ৰেৰণা যোগাব লাগে ।"

জ্যোতিনগৰ সাহিত্য সভাৰ সম্পাদক স্বৰ্গেশ্বৰ স্বৰ্গীয়াৰীয়ে আদৰণি সম্ভাষণ জনোৱা সভাখনিত পদ্মশ্ৰী প্ৰাপক বিশিষ্ট সাহিত্যিক ড০ ৰোমান শৰ্মা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, তিৱা সাহিত্য সভাৰ উপ-সভাপতি মুংছা শৰৎ চন্দ্ৰ পাটৰ আমচি, নাথ সাহিত্য সভাৰ সভাপতি ড০ হৰ কুমাৰ নাথ, মাধ্যমিক শিক্ষা বিভাগ, অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ড০ অসমী গগৈ, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বি. বৰুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক চৈয়দ তাৰিফুল ইছলাম, বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শচীন দাস, নতুন সাহিত্য পৰিষদৰ কাৰ্যলয় সম্পাদক ভৱ ডেকা, জ্যোতিনগৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি কানন শৰ্মা, বিশিষ্ট ঔপন্যাসিক ইন্দ্ৰেশ্বৰ নাথে সন্মানিত অতিথি হিচাপে অংশ লৈ পৰাগজ্যোতি প্ৰকাশনে অসমীয়া সাহিত্যৰ উন্নতিৰ বাবে লোৱা মহান প্ৰদক্ষেপক একেমুখে শলাগ লয়।

প্ৰকাশনৰ সচিব, কবি-সাংবাদিক দীপক‌ শৰ্মাই আঁত ধৰা চুটিগল্প সন্মিলনত সাহিত্য কোঁৱৰ কমল কলিতা, অবনী ৰঞ্জন পাঠক, পুতুলী ঠাকুৰীয়া মেধি, মীনাক্ষী সিনহা, জয় শংকৰ পাটৰ, ড০ মঞ্জুলা হুছেইন, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, নিত্যানন্দ সভাপণ্ডিত, হিৰণ্ময়ী বৰুৱা, কল্পনা দাস বৰ্মণ, বীণা পাঠক, জ্যোতিষ চন্দ্ৰ কলিতা, নিৰদা দেৱী, ডৰিণ হাজৰিকা, ৰমেশ চন্দ্ৰ তালুকদাৰ, অশোক তালুকদাৰ, সুনিতা চৌধুৰী, স্বপ্না দেৱী, ৰাখি চৌধুৰী, পদুমী ডেকা, প্ৰমিলা কলিতা, চন্দ্ৰপ্ৰভা তালুকদাৰ, মিনতি মহন্ত, গীতিমা শৰ্মা, অৰুণ ৰাজবংশী, বেদৱতী দাস, কবিতা দেৱী, প্ৰভাত চন্দ্ৰ দাস, দিব্যজ্যোতি সন্দিকৈ, এঞ্জেলিনা‌ দাস , নিলোৎপল বৰা প্ৰভৃতি অসমৰ বিভিন্ন প্ৰান্তৰ ৪৫ জন লেখক-লেখিকাই চুটিগল্প পাঠ কৰে । সভাত বিশিষ্ট কন্ঠশিল্পী তথা অনাতাঁৰ শিল্পী ডিজেন কাকতি আৰু সুৰজিৎ মালাকৰে সভাত গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।

Also Read: চি.ই.এৰ সোৱণশিৰি প্ৰকল্প পৰিদৰ্শন: বান ভূমিস্খলনকো আওকান কৰি নিৰ্মাণ হ’ল নদীবান্ধ...

assam sahitya sabha