চি.ই.এৰ সোৱণশিৰি প্ৰকল্প পৰিদৰ্শন: বান ভূমিস্খলনকো আওকান কৰি নিৰ্মাণ হ’ল নদীবান্ধ...

সকলো জল্পনা-কল্পনা আৰু প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চমুকৈ এন এইচ পি চিয়ে বিদ্যুৎ উৎপাদনৰ বাবে সাজু কৰি তুলিছে গেৰুকামুখৰ বিতৰ্কিত বৃহৎ নদী বান্ধ
চি.ই.এৰ সোৱণশিৰি প্ৰকল্প পৰিদৰ্শন: বান ভূমিস্খলনকো আওকান কৰি নিৰ্মাণ হ’ল নদীবান্ধ...

ডিজিটেল সংবাদ, লখিমপুৰ : সকলো জল্পনা-কল্পনা আৰু প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চমুকৈ এন এইচ পি চিয়ে বিদ্যুৎ উৎপাদনৰ বাবে সাজু কৰি তুলিছে গেৰুকামুখৰ বিতৰ্কিত বৃহৎ নদী বান্ধ ৷ ধাৰাবাহিক ভূমিস্খলন আৰু প্ৰাকৃতিক দুৰ্যোগে যোৱা দুটা বছৰত দেশৰ ভিতৰতে সৰ্বোচ্চ ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ বহনক্ষম বৃহৎ নদী বান্ধটোৰ নিৰ্মাণত বিধি পথালি দিলেও সেই ঘটনাক সহজভাৱে লৈ কাৰো ওজৰ-আপত্তি নথকাৰ সুবাবদতে যুদ্ধং দেহী গতিৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে ৷

প্ৰাকৃতিক দুৰ্যোগৰ বাবে যোৱা বছৰ বিজুলী উৎপাদনৰ বাবে প্ৰস্তুত নোহোৱা জলবিদ্যুৎ প্ৰকল্পটো এইবাৰ মাৰ্চ মাহৰ শেষতে বিজুলী উৎপাদনৰ বাবে সাজু হৈ উঠিল ৷ আন্দোলনৰ নামত এচাম সুবিধাবাদী ৰাজনৈতিক দালাল সৃষ্টিৰে বৃহৎ নদী বান্ধ বৃহৎ ইচ্যুলৈ ৰূপান্তৰিত কৰি মুনাফা লভাৰ নিকৃষ্ট কূটকৌশলৰ চক্ৰান্তত ভৰি দিয়া উত্তৰ পৰীয়া ৰাইজৰ মুৰৰ ওপৰতে দেশৰ সৰ্ববৃহৎ নদী বান্ধটো নিৰ্মাণ হৈ উঠিল ৷ ইতিমধ্যেই অহা জুন মাহৰ পৰা গেৰুকামুখত বিজুলী উৎপাদনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

তদুপলক্ষে ভাৰত চৰকাৰৰ বিদ্যুৎ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ সদস্য (হাইড্ৰ'), শ্ৰী এম.এ.কে.পি. সিঙৰ লগতে মুখ্য অভিযন্তা (হাইড্ৰ' প্ৰজেক্ট মণিটৰিং)শ্ৰী মনোজ ত্ৰিপাঠীয়ে প্ৰকল্পটোৰ বিভিন্ন স্থানত চলি থকা নিৰ্মাণ কাৰ্যকলাপৰ পৰ্যালোচনা কৰিবলৈ এন.এইচ.পি.চি.-ৰ ২০০০ মেগাৱাট নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প (অসম/অৰুণাচল প্ৰদেশ) পৰিদৰ্শন কৰে।

দেওবাৰে এক প্ৰেছ বাৰ্তা যোগে এন এইচ পি চিৰ ফৰিয়াদাবাদৰ মুখ্য কাৰ্যালয়ৰ পৰা এই কথা জনোৱা হৈছে ৷ বৃবিতিটোত কোৱা হৈছে যে প্ৰকল্পৰ মুৰব্বীয়ে প্ৰকল্পটোৰ সকলো স্থানত এই বিষয়াসকলক পৰ্য্যবেক্ষণ কৰাত সহায় কৰিছিল। মুখ্য ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলেও নিজ নিজ ক্ষেত্ৰত সকলো কাৰ্যকলাপৰ প্ৰগতি আৰু নিৰ্মাণ অনুসূচীৰ বিষয়ে অৱগত কৰিছিল।

কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ বিষয়াসকলে ডাইভাৰ্চন টানেল ইনলেটৰ ভূমিস্খলন হোৱা এলেকাৰ লগতে পাৱাৰ হাউচৰ গাৰ্ড ৱালত এনএইচপিচিৰ দ্বাৰা লোৱা পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰে। এই অঞ্চলবোৰত ক্ষতিৰ কাৰণ হিচাবে প্ৰকল্পটো নিৰ্মাণ কাল দীঘলীয়া হোৱাৰ বাবে অস্থায়ী উদ্দেশ্যৰ বাবে নিৰ্মাণ কৰা গাঁথনিবোৰৰ তলত খহি যোৱা বুলি এন এইচ পি চি য়ে ব্যক্ত কৰে ৷

কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ বিষয়াসকলে প্ৰকল্পটোৰ ওপৰত এক পৰ্যালোচনা বৈঠকতো অংশ গ্ৰহণ কৰে য'ত নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই প্ৰকল্পটোৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে।

বৈঠকত এনএইচপিচিৰ বিষয়া আৰু মুখ্য ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলক সম্বোধন কৰি কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ সদস্য (হাইড্ৰ') আৰু মুখ্য অভিযন্তা (হাইড্ৰ' প্ৰজেক্ট মণিটৰিং)য়ে কোভিড ১৯-ৰ কঠিন সময়ত বাধা স্বত্বেও কামৰ অগ্ৰগতিত আৰু সকলো মুখ্য ঠিকাদাৰী প্ৰতিষ্ঠান আৰু এনএইচপিচি বিষয়াই অনুসূচী অনুসৰি প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ সৰ্বাধিক উৎসাহেৰে কাম কৰাৰ বাবে সংকল্পবদ্ধ বাবে সন্তুষ্টি প্ৰকাশ কৰে। ।

চি.ই.এৰ সোৱণশিৰি প্ৰকল্প পৰিদৰ্শন: বান ভূমিস্খলনকো আওকান কৰি নিৰ্মাণ হ’ল নদীবান্ধ...
মহানগৰীত আপৰ "মোডী হাটাও দেশ বচাও" কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in