দিছপুৰ আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা

দিছপুৰ আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা

ডিজিটেল সংবাদ,গুৱাহাটীঃ সোমবাৰে দিছপুৰ থানাত সংঘটিত হয় এক আজব কাণ্ড। একাংশ যুৱতীৰ মাৰ-পিটৰ ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে দিছপুৰ থানাত। থানাৰ ভিতৰতে চুলিয়া-চুলি লাগি একাংশ যুৱতীয়ে চুলি চিঙি পেলালে এগৰাকী যুৱতীৰ ৷ এই চাঞ্চল্যকৰ মাৰ-পিটৰ ঘটনাত আহত হয় লখিমপুৰৰ এগৰাকী যুৱতী ৷

দিছপুৰ আৰক্ষীয়ে অশ্লীল ফটো ভাইৰেল কৰা এক গোচৰত থানালৈ মাতিছিল আহত যুৱতীগৰাকীক ৷ থানাত উপস্থিত হোৱাৰ লগে লগে আন একাংশ যুৱতীয়ে প্ৰহাৰ কৰে আহত যুৱতীগৰাকীক ৷

যুৱতীৰ অশ্লীল ফটো ভাইৰেল কৰাৰ অভিযোগ আহতগৰাকীৰ বিৰুদ্ধে ৷প্ৰেমিকৰ সৈতে মিলি ফটো ভাইৰেল কৰাৰ অভিযোগ আহত যুৱতীৰ বিৰুদ্ধে ৷ সেই গোচৰতে ইতিমধ্যে প্ৰেমিকক আটক কৰিছিল দিছপুৰ আৰক্ষীয়ে ৷ সোমবাৰে প্ৰেমিকাকো আৰক্ষীয়ে তদন্তৰ বাবে থানালৈ মাতিছিল ৷ কিন্তু থানাত পূৰ্বৰ পৰা উপস্থিত থকা ভোক্তভোগীৰ পক্ষত একাংশই প্ৰহাৰ কৰে যুৱতীগৰাকীক ৷

দিছপুৰ আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা
হাজোত ১২২বছৰীয়া লক্ষ্মী পূজা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in