ডিজিটেল ডেস্ক : ৰাজ্য কঁপোৱা জোনমণি কাণ্ড। জোনমণি ৰাভাৰ মৃত্যুৰ পিছত এটাৰ পিছত আন এটা বিতৰ্কই লগ নেৰা পৰিৱেশৰ সৃষ্টি হৈছে। এইবাৰ এইক্ষেত্ৰত সৃষ্টি হৈছে আন এটা বিতৰ্ক।
অসম আৰক্ষীৰ নিষ্ঠাবান বিষয়া তথা মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক স্বৰ্গীয় জোনমণি ৰাভাৰ সন্দৰ্ভত অশালীন মন্তব্য কৰিছিল শিখা শৰ্মাই। যাৰ বাবে সৰৱ হৈ পৰিছে গুৱাহাটীৰ একাংশ যুৱক-যুৱতী। শিখা শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ এজাহাৰ দাখিল কৰিবলৈ সাজু হৈছে একাংশ। আজি ফটাশিল আমবাৰী আৰক্ষী থানাত প্ৰায় ৪ বজাত এজাহাৰ দাখিল কৰিব একাংশ যুৱক-যুৱতীয়ে।
এই কথা জানিবলৈ দিয়ে ঋষি বৰ্মন, ৰুবুল আহমেদ, কাৰ্তিক চৰকাৰ নামৰ তিনি যুৱকে। অৱশ্যে এজাহাৰ দাখিল কৰাৰ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয়।
Also Read: মহানগৰীত ১৪৪ ধাৰা জাৰি: গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ এই নিৰ্দেশনা...
জোনমণি ৰাভাৰ সন্দৰ্ভত অশালীন মন্তব্য: মহানগৰীৰ যুৱক-যুৱতীৰ ৰোষত শিখা শৰ্মা...
জোনমণি ৰাভাৰ মৃত্যুৰ পিছত এটাৰ পিছত আন এটা বিতৰ্কই লগ নেৰা পৰিৱেশৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত সৃষ্টি হৈছে আন এটা বিতৰ্ক।