/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/acead00f-db98-491b-8ac2-c9ff3444e985/Diganta_Bora.jpg)
ডিজিটেল ডেস্ক : মহানগৰীত জাৰি ১৪৪ ধাৰা। অসম আৰক্ষীৰ ব্যাপক ৰদ-বদলৰ পিছত এইবাৰ মহানগৰ আৰক্ষী বিভাগৰ বিশেষ নিৰ্দেশনা। শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনাৰ। মহানগৰীত ৫ জনতকৈ অধিক লোক সমবেত হোৱাত বাধা আৰোপ মহানগৰ আৰক্ষীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5ab3c96f-3bf5-4227-b0cd-5ce4f155f38d/WhatsApp_Image_2023_05_21_at_1_33_50_PM.jpeg)
ধৰ্ণা কাৰ্যসূচী, প্রতিবাদী সমদল উলিওৱাতো বাধা আৰোপ আৰক্ষীৰ। শান্তি-শৃংখলা, যান-জঁট সমস্যা সমাধানৰ বাবে এই নিৰ্দেশনা আৰক্ষীৰ। উল্লেখ্য যে, নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে। মহানগৰীৰ তিনিওখন আৰক্ষী জিলাতে প্রযোজ্য হ’ব এই নিৰ্দেশনা।
Also Read: জোনমণি ৰাভা বাসগৃহত নগাঁও আৰক্ষীৰ দল...