জয়ন্ত বৰুৱাৰ বাসগৃহত গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য অধোক্ষজানন্দ...

জয়ন্ত বৰুৱাৰ বাসগৃহত গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য অধোক্ষজানন্দ...
জয়ন্ত বৰুৱাৰ বাসগৃহত গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য অধোক্ষজানন্দ...

ডিজিটেল ডেস্কঃ নলবাৰীৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে অসমলৈ অহা গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য অধোক্ষজানন্দ শনিবাৰে পুৱাই আহি উপস্থিত হয়হি 'সাদিন প্ৰতিদিন' গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ বাসগৃহত। ইয়াৰ পাছতে গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য অধোক্ষজানন্দক ৰীতি, নীতি অনুসৰি চৰণ ধুৱাই বাগসৃহলৈ আদৰি নিয়ে।

বাসগৃহৰ ভিতৰত আসন প্ৰতিষ্ঠা কৰি শংকৰাচাৰ্যগৰাকীৰ আশীৰ্বাদ গ্ৰহণ কৰে জয়ন্ত বৰুৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যই। উল্লেখ্য যে, শনিবাৰে বিমানেৰে শংকৰাচাৰ্যগৰাকী গুৱাহাটীত উপস্থিত হয়হি।

বিমানবন্দৰৰ পৰা তেওঁ প্ৰথমে কামাখ্যা প্ৰশান্তি ল'জলৈ যায় আৰু তাৰ পাছত জয়ন্ত বৰুৱাৰ বাসগৃহত আহি উপস্থিত হয়হি। নলবাৰীৰ ৰাস মহোৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা শংকৰাচাৰ্যগৰাকীক ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্যাদা প্ৰদান কৰিছে।

জয়ন্ত বৰুৱাৰ বাসগৃহত গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য অধোক্ষজানন্দ...
বাল্যবিবাহ ৰোধ, ড্ৰাগছমুক্ত সমাজ আৰু ঘৰে ঘৰে শিক্ষাৰ শ্ল'গানেৰে আমছুৰ বাইক ৰেলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in