চৰকাৰক প্ৰতাৰক আখ্যাৰে প্ৰতিবাদত নামিল ডি ৱাই এফ আই-এছ এফ আই

চৰকাৰক প্ৰতাৰক আখ্যাৰে প্ৰতিবাদত নামিল ডি ৱাই এফ আই-এছ এফ আই

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াকলৈ গুৱাহাটীৰ চচলত বিশাল প্ৰতিবাদ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ। প্ৰতিবাদী কাৰ্যসূচীত সংগঠন দুটিয়ে নিযুক্তি প্ৰক্ৰিয়াৰ অ'ভাৰলেপিঙৰ সমস্যা সমাধান কৰা আৰু দ্বিতীয় বাচনি তালিকা প্ৰকাশৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

চৰকাৰক প্ৰতাৰক আখ্যা দি ডি ৱাই এফ আই-এছ এফ আয়ে অভিযোগ কৰে যে,মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অ'ভাৰলেপিঙৰ সমস্যাৰ কথা স্বীকাৰ কৰিলে, কিন্তু ইয়াৰ কোনো সমাধান নিদিলে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল এইবাৰ ৫১,৩৯৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব। এতিয়া এই সংখ্যা কমি ৪৪,৭০৩ গৰাকীলৈ নামি আহিছে। এই সংখ্যা বিভ্ৰান্তিকৰ। এই সংখ্যা আচলতে পদৰ সংখ্যাহে, কিমান গৰাকীক নিযুক্তি দিব তাৰ হিচাপ নহয় বুলি উল্লেখ কৰে।

ইয়াৰোপৰি সংগঠন দুটিয়ে উল্লেখ কৰে যে, চৰকাৰে প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰসহ এখন তালিকা প্ৰকাশ কৰিলে দেখা পোৱা যাব যে প্ৰায় ২০-২৫ হাজাৰ গৰাকীহে নিযুক্তি লাভ কৰিছে। কাৰণ একেজন ব্যক্তিৰে দুই তিনি ঠাইত নাম ওলাব। চৰকাৰে সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ৫১ হাজাৰ যুৱক-যুৱতী আৰু তেওঁলোকৰ পৰিয়ালত হাঁ‌হি বিৰিঙাব পাৰিলেহেঁতেন।

এনে বিসংগতিৰ বাবে চৰকাৰে বহুতৰ বাবে বিষাদৰ বতৰা কঢ়িয়াই আনিলে। এয়া নিযুক্তিৰ নামত ডাঙৰ প্ৰতাৰণা। চৰকাৰৰ নিযুক্তিৰ নামত কৰা এই অস্বচ্ছ প্ৰক্ৰিয়াৰ তীব্ৰ সমালোচনা কৰি সংগঠন দুটিয়ে কয় যে, চৰকাৰে পূৰ্বতে ৫১ হাজাৰ নিযুক্তিৰ কথা কৈছিল যদিও এতিয়া নিযুক্তি প্ৰাপ্তৰ সংখ্যা ২০-২৫ হাজাৰৰ ভিতৰতে সীমাবদ্ধ থাকিব।

স্বচ্ছতা আৰু নিকা নিযুক্তিৰ শ্লোগান দিয়া চৰকাৰে আজিলৈ কোনো প্ৰাৰ্থীয়ে প্ৰাপ্ত নম্বৰ আৰু কাট অফ নম্বৰ প্ৰকাশ নকৰিলে। একেদৰে চতুৰ্থ বৰ্গৰ পদৰ বাবে সৰ্বোচ্চ শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যদিও বহু উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে আৱেদন কৰি নিযুক্তিৰ বাবে বাচনি হৈছে।

যাৰ বাবে প্ৰকৃত প্ৰাৰ্থীসকলে বঞ্চিত হ'বলগীয়া হৈছে। এই অন্যায় আৰু অনিয়মবোৰ দেখি শুনিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অথচ মঙলবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাৱে হ'লেও অ'ভাৰলেপিঙৰ কথা স্বীকাৰ কৰি তৃতীয় বৰ্গৰ বাবে ১৯৮ জনৰ আৰু চতুৰ্থ বৰ্গৰ বাবে ৪৩৭ জনৰ এখন অতিৰিক্ত তালিকা প্ৰকাশৰ কথা ঘোষণা কৰে।

ইয়াৰোপৰি জুলাই মাহত পুনৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে। যিহেতু এজন প্ৰাৰ্থীয়ে দেখ্দেখ্কৈ ৪-৫ টা পদলৈ বাচনিকৃত হৈছে তেনেস্থলত বৃহৎ সংখ্যক পদ খালী হৈ থকাতো নিশ্চিত। কিন্তু এই খালী পদ পূৰণ কৰিবলৈ পুনৰ নতুনকৈ পৰীক্ষা পতাৰ কোনো অৰ্থ নাই।

ইতিমধ্যে হৈ যোৱা পৰীক্ষাৰ পৰাই এই পদসমুহ পূৰণ কৰিব পাৰে। এটা পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে মানসিক প্ৰস্তুতিৰ লগতে যথেষ্ট টকা পইচাৰ খৰচ হয়। আনহাতে বহু প্ৰাৰ্থীৰ দ্বিতীয়বাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বয়সো নাই, তেনেস্থলত চৰকাৰৰ পুনঃপৰীক্ষা পতাৰ ঘোষণাই হাজাৰ হাজাৰ যুৱক-যুৱতীক আশাহত কৰি তুলিছে।

এনে অৱস্থাৰ মাজতে শতাধিক বঞ্চিত যুৱক-যুৱতী আৰু দুই সংগঠনৰ সদস্যৰ উপস্থিতিত হোৱা আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ যোগে অ'ভাৰলেপিঙৰ সমস্যা সমাধান কৰা, পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ পৰাই পৰৱৰ্তী দ্বিতীয় তালিকা প্ৰস্তুত কৰা ঘোষণা ২৫ মে'ৰ দিনাই দিয়া, চতুৰ্থ বৰ্গৰ পদত উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে আৱেদন কৰা বিষয়ৰ তদন্ত কৰা আৰু ভবিষ্যতৰ নিযুক্তি পৰীক্ষাত প্ৰ-পত্ৰ পূৰণৰ সময়তে পচন্দৰ পদত অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীত ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু এছ এফ আইৰ যুটীয়া সম্পাদক হিমাংশু বৰাই বক্তব্য ৰখাৰ লগতে কেইবাজনো বঞ্চিত প্ৰাৰ্থীয়েও বক্তব্য ৰাখে। বক্তাসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চমক সৃষ্টিকাৰী আৰু আন্তৰিকতাহীন নিয়োগ প্ৰক্ৰিয়াক তীব্ৰ সমালোচনা কৰে ।

চৰকাৰক প্ৰতাৰক আখ্যাৰে প্ৰতিবাদত নামিল ডি ৱাই এফ আই-এছ এফ আই
মণিপুৰত পুনৰ হিংসাত্মক ঘটনাঃ নিহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in